প্ৰায়ভাগ লােকেই কম-বেছি পৰিমাণে গুড় খায়। খাদ্য প্রস্তুত কৰাৰ সময়তে বহুতে গুড় ব্যৱহাৰ কৰে। কে’বাদশক আগলৈকে মানুহে চেনীতকৈ গুড়হে বেছি খাইছিল।
অৱশ্যে কে’বাদশক আগলৈকে চেনীৰ তুলনাত গুড় বেছি উৎপন্ন হৈছিল। কুঁহিয়াৰ পেৰাৰ পাছত ঘৰতে প্ৰায়ভাগ লােকেই গুড আদি বহুদিনলৈ সংৰক্ষণ কৰি ৰাখিব পাৰিছিল।
পৰম্পৰাগত পদ্ধতিৰে ৰাখিলেও এইবােৰ কিন্তু সহজে নষ্ট হােৱা নাছিল। চেনী আৰু গুড়ৰ মাজত পুষ্টিগত দৃষ্টিকোণৰ পৰা বিশ্লেষণ কৰিলে গুড়ক প্রথমতে স্থান দিব লাগিব।
যিসকল লােকে নিয়মীয়াভাৱে গুড় খায় তেওঁলােক নিৰােগী হােৱাৰ লগতে হাড় আদিও শক্তিশালী হয়। ইয়াত প্ৰচুৰ পৰিমাণে কেলছিয়াম থাকে। সেই বাবে শিশু অৱস্থাৰ পৰা সকলােৱে নিয়মীয়াকৈ গুড় খােৱাৰ ওপৰত গুৰুত্ব প্রদান কৰা উচিত।
আজি কালি প্ৰায়ভাগ লােকে সন্তানক গুড় খুৱাব নােখােজে। এনে কিছুমান লােকে আনকি গুড় আদি খালে সামাজিক মর্যাদা লাঘৱ হয় বুলিও ভাৱে।
পিছে তেওঁলােকে নাজানে যে এডােখৰকৈ গুড় নিয়মীয়াকৈ খাদ্য হিচাপে গ্রহণ কৰিলে ৰােগৰ বিৰুদ্ধে যুঁজ দিব পৰা প্ৰতিৰােধী ক্ষমতা বৃদ্ধি পায়।
★যিসকল লােকৰ হাঁপানিৰ সমস্যা আছে তেওঁলােকে নিয়মীয়াকৈ গুড খাবই লাগে। গুড় আৰু তিলৰ মিশ্রণ ঘটাই সৰু সৰু লাড়ু বনাই নিয়মীকৈ খায় তেতিয়াহ’লে এনে ৰােগৰ পৰা বহু পৰিমাণে হাত সাৰিব পাৰি।
★ক্লান্তিবােধ কৰিলে গৰম গাখীৰৰ স’তে গুড় মিহলাই খালে এনে পৰিস্থিতিৰ পৰা হাত সাৰিব পাৰি। যদিহে গাখীৰ নাথাকে তেতিয়াহ’লে কুহুমীয়া পানীত মিহলাই খালেও উপকাৰ লাভ কৰিব পাৰিব।