Navjot Singh Sidhu : ইমৰান ‘জ্যেষ্ঠ ভাতৃ’, পুনৰ বিতর্কত সিধু

2021 11largeimg 1017848741

তিনি বছৰ আগতে পাকিস্তানৰ প্রধানমন্ত্রী ইমৰান খানৰ শপতগ্রহণ অনুষ্ঠানত গৈ পাক সেনা প্রধান জেনেৰেল কমৰ জাভেদ বাজৱাক আলিংগন কৰি বিতর্কত পৰিছিল । বিগত ছেপ্টেম্বৰত মুখ্যমন্ত্রীৰ পদৰ পৰা পদত্যাগ দিয়াৰ সময়তো পঞ্জাৱৰ বিদায়ী কংগ্রেছ নেতা অমৰেন্দৰ সিঙে তেওঁক পাক প্রধানমন্ত্রীৰ বন্ধু বুলি কটাক্ষ কৰিছিল । সেই পাক প্রধানমন্ত্রীক লৈও মন্তব্য কৰি পুনৰ বিতর্কত পৰিছিল পঞ্জাৱৰ কংগ্রেছ প্রধান তথা প্রাক্তন ক্রিকেটাৰ নভজোৎ সিং সিধু । আজি পুৱা কৰতাৰপুৰ কৰিডৰেৰে পাক পঞ্জাৱৰ দৰবাৰ ছাহিব গুৰুদ্বাৰ দর্শনত গৈছিল সিধু । তাতেই কিছু পাক বিষয়াৰ সন্মুখত তেওঁ কয়, ইমৰান তেওঁৰ ‘জ্যেষ্ঠ ভাতৃ’-ৰ দৰে ।

আজি পুৱা পাক পঞ্জাৱ প্রদেশৰ এই গুৰুদ্বাৰ দর্শনত যায় সিধু । বিজেপি নেতাৰ ২১ জনীয়া এটা প্রতিনিধি দলেও আজি এই গুৰুদ্বাৰ দর্শনত যায় । বিজেপি নেতাসকলৰ নেতৃত্বত আছিল পঞ্জাৱৰ বিজেপি সভাপতি অশ্বিনী শর্মা । আজ বিজেপি নেতা অমিত মালবীয় সিধুৰ এটা ভিডিঅ’ টুইট কৰে । ভিডিঅ’ত দেখা গৈছে, সিধুক মালা দি সম্বর্ধনা জনাইছে কিছু পাক বিষয়াই । তেওঁলোকে সিধুক জনায়, পাক প্রধানমন্ত্রীৰ প্রতিনিধি হৈ তেওঁলোক আহিছে । প্ৰত্যুত্তৰত তেওঁলোকক কোৱা শোনা যায়, “ম‌ই সন্মানিত বোধ কৰিছো । তেওঁ (ইমৰান) মোৰ জ্যেষ্ঠ ভাতৃৰ দৰে । সঁচাকৈ ম‌ই ইমান সন্মানৰ যোগ্য নহয় । কিন্তু আপোনালোকক ধন্যবাদ ।” লগতে কৰতাৰপুৰ কৰিডৰ খোলাৰ বাবে দুই দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু ইমৰান খানক ধন্যবাদ জনাইছে সিধুৱে ।

কৰতাৰপুৰ কৰিডৰৰ সেই বিতর্কিত ভিডিঅ’ ভাইৰেল হ’বলৈ বেছি সময় নালাগিল । অমিত মালবীয়‌ই সামাজিক মাধ্যমত সিধুৰ সেই ভিডিঅ’ টুইট কৰি লিখে, “ৰাহুল গান্ধীৰ প্রিয় নভজোৎ সিং সিধুৱে ইমৰান খানক জ্যেষ্ঠ ভাতৃ বুলি সম্বোধন কৰিছে । ইয়াত আচৰিত হ’বলগীয়া একো নাই যে গান্ধী ভাতৃ-ভগ্নীসকলে প্রবীণ অমৰেন্দৰ সিঙৰ পৰিৱৰ্তে সিধুক নিৰ্বাচিত কৰিছে ।” কংগ্রেছ তথা ৰাহুল গান্ধীক কটাক্ষ কৰি বিজেপিৰ মুখপাত্র সম্বিত পাত্রৰ মন্তব্য, “বিৰোধী দলে আইএছ-ৰ দৰে সন্ত্ৰাস গোষ্ঠীৰ মাজতহে হিন্দুত্ব দেখা পায় আৰু খানৰ মাজত ভাই জান (জ্যেষ্ঠ ভাতৃ) ।”

কংগ্রেছ নেতাৰ একাংশও বিষয়টোক ক্ষুব্ধ । কংগ্রেছ নেতা মনীশ তিৱাৰিয়ে প্ৰত্যক্ষভাৱে সিধুক কটাক্ষ কৰি কয়, “ইমৰান খান কাৰো জ্যেষ্ঠ ভাতৃৰ দৰে হ’ব নোৱাৰে । কিন্তু ভাৰতৰ বাবে তেওঁ সেই টোপ, যাৰ মাধ্যমত আইএছআই আৰু পাক সেনা ড্র’নৰ মাধ্যমত পঞ্জাৱ সীমান্ত পাৰ হৈ মাদক আৰু নিয়ন্ত্রণ ৰেখাৰে অস্ত্র আৰু সন্ত্ৰাসবাদী ভাৰতত সৰবৰাহ কৰে ।” তেওঁ আৰু প্রশ্ন কৰে, “পুঞ্চত ভাৰতীয় সেনা-জৱানসকলৰ আত্মবলিদান কি আমি ইমান সোনকালে পাহৰি গ’লো ?”

Exit mobile version