Amazon : এমেজনৰ বিৰুদ্ধে মাদক-আইনত গোচৰ

Amazon EU antitrust European Commission

মাদকৰ বেআইনী লেনদেনৰ অভিযোগত অনলাইন বিপণন সংস্থা এমেজনৰ স্থানীয় কৰ্মচাৰীসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে মধ্যপ্রদেশ আৰক্ষীয়ে । অভিযোগ, মিঠা তুলসী বুলি সৰবৰাহ হৈছে প্রায় এক টন গাঞ্জা । আন্তর্জাতিক বাজাৰত যাৰ মূল্য এক কোটি টকাৰো বেছি । মধ্যপ্রদেশৰ গৃহমন্ত্রী নৰোত্তম মিশ্র‌ই জনায়, তদন্তত সহযোগিতা নকৰিলে পদক্ষেপ লোৱা হ’ব ।

সংস্থাৰ কেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে, সেয়া জনোৱা নাই আৰক্ষীৰে । দাবী কৰিছে, এটা মাদক-চক্র ফাদিল হোৱাত কিছু সূত্র হাতত আহে । সংস্থাই দাখিল কৰা উত্তৰ আৰু আৰক্ষীৰ লগত থকা তথ্য-প্রমাণৰ মাজত প্ৰভেদ থকাত শনিবাৰে মাদক আইনত ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

১৪ নৱেম্বৰ সূৰজ পাৱাইয়া আৰু বিজেন্দ্র সিং টোমৰ নামে দুজনকে গ্রেপ্তাৰ কৰা হৈছিল । তেওঁৰ পথৰ কাষত ধাবা চলায় । প্রায় ২০ কিলোগ্রাম গাঞ্জা বাজেয়াপ্ত হয় । আৰক্ষীৰ অভিযোগ, এমেজন ব্যৱহাৰ কৰি বিশাখাপত্তনমৰ পৰা সেইসমূহ যোগান ধৰা হৈছিল ।

ভিন্দৰ আৰক্ষী ছুপাৰ মনোজকুমাৰ সিঙে কয়, ‘‘বিগত চাৰি মাহ ধৰি তেওঁলোকে অনলাইন কিনা-বেচাৰ মাধ্যম ব্যৱহাৰ কৰি মাদক ব্যৱসায় কৰিছিল । এই পৰ্যন্ত প্রায় ১.১০ কোটি টকাৰ ব্যৱসায় হৈছে ।’’

এমেজনৰ বিষয়াসকলৰ স’তে এই বিষয়ত আগতেও কথা পাতিছিল বুলি জনাইছে আৰক্ষীয়ে । সংস্থাৰ তৰফৰ পৰা বিবৃতি দি কোৱা হৈছিল, তেওঁলোকে কোনো অবৈধ সামগ্ৰী ৱেবছাইটত দিয়া বা বেচা-কিনাত সহায় নকৰে । লংঘন কৰিলে খুচৰা বিক্রেতাৰ বিৰুদ্ধে কঠোৱ ব্যৱস্থা গ্ৰহণ কৰা হয় । গাঞ্জা-কাণ্ডত তেওঁলোকেও তদন্ত কৰিছে বুলি জনায় এমেজনে ।

মধ্যপ্রদেশৰ গৃহমন্ত্রী নৰোত্তম মিশ্র‌ই কয়, ‘‘এমেজনক কোৱা হৈছে, কিন্তু তেওঁলোকে যথেষ্ট সহযোগিতা কৰা নাই । ম‌ই সংস্থাৰ এমডি আৰু চিইঅ’-ক এই বিষয়ত অনুৰোধ কৰিছো । সহযোগিতা নকৰিলে আমি পদক্ষেপ ল’বলৈ বাধ্য হ’ম ।’’

Exit mobile version