অধিক জনপ্ৰিয় হৈ উঠিব Google Pay !

5e29b74a24306a408f1cd745

ডিজিটেল ৱালেট প্লেটফৰ্ম হিচাপে ক্ৰমান্বয়ে জনপ্ৰিয় হৈ উঠিছে গুগল পে(Google Pay)ইতিমধ্যে এক কোটি অতিক্ৰম কৰিছে ব্যৱহাৰকাৰী ।গুগলে প্লেটফৰ্মটো ব্যৱহাৰকাৰীসকলৰ বাবে অধিক আকৰ্ষণীয় কৰি তুলিবলৈ দুটা নতুন সুবিধা ৰখাৰ কথা ঘোষণা কৰিছে গুগলে।

জনাইছে আৰু দুটা ডাঙৰ চমক আনিব গুগলে। কি কি আছে চমক ? ইয়াৰ ভিতৰত প্ৰথমটো হৈছে ভাষা সংক্ৰান্ত চমক । এইটো প্ৰথম বাৰৰ বাবে গুগলৰ এটা এপত হিংলিছ ভাষাও ব্যৱহাৰ কৰিব ।

হিন্দী আৰু ইংৰাজীৰ স’তে মিহলি হৈ, এই ভাষাটোৱে দেশৰ এক বৃহৎ অংশৰ বক্তাসকলক আকৰ্ষিত কৰিব বুলি আশা কৰা হৈছে।

ইয়াৰ বাবে, আপুনি ছেটিংছলৈ গৈ সলনি কৰিব পাৰিব আপোনাৰ পছন্দৰ ভাষা । ভাৰতৰ দৰে এখন দেশত য’ত বেছিভাগ লোক ইংৰাজীত স্বাচ্ছন্দ বোধ কৰে, এই পৰিৱৰ্তনে গুগল পেক জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাটো নিশ্চিত।

প্ৰৱৰ্তন কৰা নতুন সুবিধাটোক ‘বিল স্প্লিট’ বুলিও কোৱা হয়। বন্ধুবৰ্গৰ লগত যদি একেলগে ৰেষ্টুৰেণ্টলৈ যায় তেন্তে বিলৰ ব্যয় আৱণ্টন কৰিব বিচাৰে, এই সুবিধাৰ স’তে সম্ভৱ হ’ব।

গুগলে যোৱা বছৰৰ পৰা এই এপটোত গ্ৰুপ সৃষ্টিৰ বিকল্পও আগবঢ়াই আহিছে। এইবাৰ, যদি এটা গোটৰ বন্ধুসকলে একেলগে খাবলৈ যায়, ব্যৱহাৰকাৰীসকলে এই সুবিধাটো অন কৰিলেহে সহজে তেওঁলোকৰ শ্বেয়াৰ ভাগ বতৰা কৰিব পাৰে।

কেৱল সেইয়া নহয়। গুগলে সন্ধান বিকল্পবোৰো সলনি কৰিছে। এতিয়াৰ পৰা, অনুসন্ধানৰ ফলাফল স্পীকাৰৰ যোগেদি শুনিব পাৰিব।

অৰ্থাৎ, গুগলে ইয়াক পঢ়ি শুনাব। গতিকে ব্যৱহাৰকাৰীসকলে গাড়ী চলোৱাৰ সময়ত বা আন কোনো কাৰণত ব্যস্ত থকাৰ সময়ত ফোনৰ স্ক্ৰীণ নিৰীক্ষণ কৰাত সমস্যা হ’লে এনেদৰে অনুসন্ধান কৰিব পাৰে। কেতিয়া আহিব এই পৰিৱৰ্তন ? এতিয়া নহয়, নতুন সুবিধাৰ বাবে অপেক্ষা কৰিব লাগিব ২০২২পৰ্যন্ত ।

Exit mobile version