উইঘূৰৰ ওপৰত অমানুষিক অত্যাচাৰ চীনৰ : নতুন ভিডিঅ’ হ’ল ভাইৰেল

download 5

চীনত সংখ্যালঘু উইঘূৰ মুছলমানৰ ওপৰত নিৰ্যাতনৰ ঘটনাৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি বিশ্বৰ বিভিন্ন দেশে উদ্বেগ প্ৰকাশ কৰি আহিছে । অৱশ্যে চীনে প্ৰতিবাৰে এনে অভিযোগ অস্বীকাৰ কৰি আহিছে ।

এইবাৰ বেইজিঙে উইঘূৰৰ ওপৰত চলোৱা নিৰ্মম নিৰ্যাতনৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে । ২০ মিনিটৰ উক্ত ভিডিঅ’ত কেনেকৈ উইঘূৰৰ মানৱাধিকাৰ চীন চৰকাৰে উলংঘন কৰিছে সেয়া প্ৰমাণসহকাৰে দাঙি ধৰা হৈছে । গুয়ান গুয়ান নামৰ এজন সহকৰ্মীয়ে এই ভিডিঅ’ প্ৰস্তুত কৰিছে । এই ভিডিঅ’ত চীনৰ জিনজিয়াং প্ৰদেশত থকা বন্দী শিবিৰত উইঘূৰ সম্প্ৰদায়ৰ লোকসকলক চীন চৰকাৰে চলোৱা নিৰ্যাতনৰ প্ৰমাণ দাঙি ধৰা হৈছে ।

কোনো বিচাৰ অবিহনে উইঘূৰ সম্প্ৰদায়ৰ লোকক বন্দী কৰি চীন চৰকাৰে নিৰ্যাতন চলোৱা বুলি গুয়ান গুয়ানে এই ভিডিঅ’ৰ জৰিয়তে দাবী কৰিছে । সমাজকৰ্মীজনে চীনৰ আঠখন চহৰ ভ্ৰমণ কৰি ১৮ টা বন্দী শিবিৰৰ দুৰৱস্থা ভিডিঅ’ৰ জৰিয়তে ফাদিল কৰিলে ।

স্মতৰ্ব্য মে ২০০৯ বৰ্ষত জিনজিয়াং প্ৰদেশত সাম্প্ৰদায়িক হিংসা সংঘটিত হোৱাৰ পাছৰে পৰা চীনে উইঘূৰ মুছলমানৰ ওপৰত বৰ্বৰ নিৰ্যাতন অব্যাহত ৰাখিছে ।

Exit mobile version