ছৌদি আৰবত জাষ্টিন বীবৰৰ অনুষ্ঠান : সাংবাদিক জামালৰ প্ৰেয়সীৰ অনুৰোধ,হত্যাকাৰীৰ হৈ গীত নাগাব

Justin Bieber performs during The Event hosted by the Shaquille ONeal Foundation Getty H 2021

google

বিশ্বখ্যাত পপ তাৰকা জাষ্টিন বীবৰে অহা পাঁচ ডিচেম্বৰত ছৌদি আৰবৰ জেড্ডাহত নিজৰ সংগীতৰ অনুষ্ঠান পৰিবেশন কৰিব।

কিন্তু একাংশ লােকে এই অনুষ্ঠানত অংশ নল’বলৈ জনপ্রিয় শিল্পীজনক অনুৰােধ জনাইছে। প্রয়াত সাংবাদিক তথা ছৌদি আৰবৰ শাসকৰ কঠোৰ সমালােচক জামাল খাৰ্চোগীৰ প্ৰেয়সী হেটিছ কেংগিছে।

সামাজিক মাধ্যমৰ জৰিয়তে জাষ্টিনলৈ আহ্বান জনাই কয় যে তেওঁ জেড্ডাহত অনুষ্ঠান পৰিবেশন কৰাৰ পৰা বিৰত থকা উচিত।

দৰাচলতে সাংবাদিক জামালক হত্যা কৰা হৈছিল আৰু ছৌদি শাসকৰ নির্দেশতে এই হত্যাকাণ্ড সংঘটিত হােৱা বুলি অভিযােগ উত্থাপিত হৈছিল।

মৃত সাংবাদিকজনৰ প্রেয়সী হেটিছে মুক্ত পত্ৰৰ জৰিয়তে জাষ্টিনক হত্যাকাৰীৰ হৈ সংগীত পৰিবেশন নকৰিবলৈ অনুৰােধ জনাইছে।

‘দ্য ৱাশ্বিংটন প’ষ্ট’ত হেটিছৰ এই পত্র প্রকাশ পাইছে আৰু পত্ৰত তেওঁ এইদৰে আহ্বান জনাই, ‘মই জাষ্টিন বীবৰক অনুৰােধ জনাও যে তেওঁ যাতে ছৌদি আৰবত আয়ােজিত নিজৰ সংগীত অনুষ্ঠান বাতিল কৰি বিশ্বৰ প্রতি এক শক্তিশালী বার্তা প্রেৰণ কৰে।

নিজৰ নাম আৰু প্ৰতিভা হত্যাকাৰীৰ সমৰ্থনত কেতিয়াও প্রয়ােগ কৰা উচিত নহয়। অনুগ্রহ কৰি মহম্মদ বিন ছলমানক গৰিহণা দিয়ক, কিয়নাে আপােনাক কোটি কোটি লােকে অনুসৰণ কৰে।’

Exit mobile version