পত্নীৰ জন্মদিন পাহৰিলে এই দেশত স্বামীক বিহা হয় কাৰদণ্ড

GettyImages 164849299

google

আপুনি যদি বিবাহিত পুৰুষ, তেন্তে পত্নীৰ জন্মদিন মনত ৰখাটো কিমান জৰুৰী সেই কথা নিশ্চয় ভালদৰে জ্ঞাত।যদিহে কেতিয়া আপুনি পত্নীৰ জন্মদিন পাহৰি গৈছিল, তেন্তে নিশ্চয় সমগ্ৰ দিনটো নানা সমস্যাৰ সন্মুখীন হৈছিল। হয়তাে পত্নীয়ে আপােনাক কে’দিনলৈকো মাত-বোল কৰা নাছিল।

কিন্তু তথাপিও আপুনি লাভ কৰা এই শাস্তি বা অসহযােগিতা তেনেই সাধাৰণ ৰা নগণ্য। কল্পনা কৰকচোন আপুনি এনে এখন দেশত বাস কৰিছে যি দেশত পত্নীৰ জন্মদিন পাহৰিলে স্বামীয়ে যাব লাগে কাৰাগাৰলৈ।

হয়, কল্পনাৰ নহয়; ৰাস্তৰতে এই বিশ্বত আছে এনে এখন আজৱ দেশ। এইখন দেশৰ কোনাে স্বামীয়ে পত্নীৰ জন্মদিন পাহৰিলে কঠোৰ শাস্তিৰ সন্মুখীন হ’ৰ লাগে।

পত্নীৰ জন্মদিন পাহৰা স্বামীক শাস্তি বিহিবলৈ এই দেশত প্রবর্তন কৰা হৈছে বিশেষ আইন। ভুলবশতঃ পত্নীৰ জন্মদিন পাহৰিলে সেই স্বামীক কাৰাগাৰলৈ নিক্ষেপ কৰাৰাে নিয়ম আছে এইখন দেশত।

এইখন দেশৰ নাম ছাম। অতি অনবদ্য প্রাকৃতিক পৰিবেশৰ বাৰে প্রসিদ্ধ এইখন দ্বীপৰাষ্ট্র একে সময়তে আজৱ আইন-কানুনৰ ৰাৰেও চৰ্চিত হৈ আহিছে।

ছাম’ৱা আইন ব্যৱস্থাই স্বামীয়ে সৰু-সুৰা ভুল কৰিলেও ৰেহাই নিদিয়ে আৰু কঠোৰতম শান্তি বিহে। ছাম’ৱাৰ প্ৰচলিত আইন অনুসৰি, স্বামীয়ে কোনাে কাৰণতে পত্নীৰ জন্মদিন পাহৰিব নােৱাৰিব আৰু কোনাে স্বামীয়ে পত্নীৰ জন্মদিন পাহৰা বুলি অভিযােগ দাখিল কৰিলে সেয়া এক অপৰাধ বুলি গণ্য কৰা হ’ব।

কোনাে পত্নীয়ে স্বামীৰ বিৰুদ্ধে জন্মদিন পাহৰা বুলি অভিযােগ দিলে সেয়া অপৰাধ গণ্য কৰি আইন অনুসৰি দেশখনত সেই স্বামীক কাৰাদণ্ডও বিহা হয়। পত্নীৰ পৰা এনে অভিযােগ লাভৰ পাছতে আৰক্ষীয়ে প্ৰথমবাৰ সেই স্বামীক সকীয়নি দিয়ে।

কিন্তু সেই স্বামীয়ে যদি দ্বিতীয়বাৰলৈ পত্নীৰ জন্মদিন হৰি যায়, তেন্তে আইনৰ অধীনত কাৰাদণ্ড বিহা হয় ছাম’ৱাত।

Exit mobile version