হোৱাইট হাউছত দুটা টাৰ্কি কুকুৰাক ক্ষমাদান ৰাষ্ট্ৰপতি বাইডেনৰ

1000x 1

যেন দ্বিতীয় জীৱন লাভ কৰিলে ‘পিনাট বাটাৰ’ আৰু ‘জেলি’য়ে। এয়া দুটা টার্কি কুকুৰাৰ নাম। শেষ পর্যন্ত ৰান্ধনীশাললৈ যাব লগা নহ’ল ‘পিনাট বাটাৰ’ আৰু ‘জেলি’ৰ।

কিয়নাে স্বয়ং আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেনে এই দুটা কুকুৰাক ক্ষমাদান কৰিলে। আসন্ন ‘থেংকছ গিভিং’ (ধন্যবাদ জ্ঞাপন) দিৱস উপলক্ষে যােৱা শুকুৰবাৰে কুকুৰা দুটাক ক্ষমতাদানৰ কথা ঘােষণা কৰিছিল বাইডেনে।

আমেৰিকাত থেকেছ গিভিং দিৱসত হয়তাে হােৱাইট হাউছত খাদ্য হিচাপে পৰিবেশন কৰা হ’লহেঁতেন এই দুটা কুকুৰাৰ মঙহ।

অলপতে মার্কিন ৰাষ্ট্রপতিয়ে এই কুকুৰা দুটা উপহাৰ হিচাপে লাভ কৰিছিল। কিন্তু খাদ্য হিচাপে গ্ৰহণ কৰাৰ পৰিৱর্তে ‘থেংকছ গিভিং’দিৱস উপলক্ষে দুই কুকুৰাক ক্ষমা কৰি বাইডেনে ধেমালিৰ সুৰৰে কয়,’ এতিয়া আৰু এই কুকুৰাক জুইৰ ওপৰত ওলমােৱা নহ’ব।

যদিও মােৰ পত্নীয়ে বিচৰা নাছিল আপােনালােকৰ আগত স্বীকাৰ নকৰাকৈ নাথাকো যে মধ্যাহ্ন ভােজনত এনে খাদ্য খাবলৈ মই ভা পাওঁ।’অহা ২৫ নৱেম্বৰত আমেৰিকাত ‘থেংকছু গিভিং’ দিৱস পালন কৰা হ’ব।

উল্লেখ্য যে আমেৰিকাৰ ইতিহাসত ৰাষ্ট্রপতি আব্রাহাম লিংকনে প্রথমবাৰৰ বাবে উপহাৰ হিচাপে লাভ কৰা টার্কি কুকুৰা পুত্ৰৰ অনুৰােধত খাদ্য হিচাপে গ্রহণ নকৰি মুক্ত কৰি দিছিল। হােৱাইট হাউছত ‘থেংকছু গিভিং’ দিৱস ১৯৮৯ বৰ্ষৰ পৰা পালিত হৈ আহিছে।

Exit mobile version