ৰাজ্যৰ সকলো শিক্ষকৰ তথ্য আপলোডৰ বাবে প’ৰ্টেল মুকলি, মাৰ্চৰ ভিতৰত সমাপ্ত হ’ব টেট নিযুক্তি প্ৰক্ৰিয়া

নিয়মীয়াকৰণ নহয় ঠিকাভিত্তিক শিক্ষকৰ চাকৰি, বন্ধ হ'ব শিক্ষাবিভাগৰ দালালৰাজ

WhatsApp Image 2021 11 23 at 8.26.51 PM

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ মৰ্মে আজি বাগসা জিলাৰ শালবাৰী মহকুমা সদৰত শিক্ষামন্ত্রী ৰণোজ পেগুৱে হঠাৎ উপস্থিত হৈ শালবাৰী মহাবিদ্যালয়, শালবাৰী চিকিৎসালয়, শালবাৰী মহকুমাৰ কাৰ্যালয়ৰ লগতে সাউদৰভিঠা প্ৰাথমিক চিকিৎসালয় পৰিদৰ্শন কৰে । পৰিদৰ্শন কৰি মন্ত্রী পেগুৱে সংবাদ মাধ্যমৰ স’তে হোৱা আলোচনাত কয়, “কাইলৈ বঙাইগাঁৱত অসম চৰকাৰৰ এখন কেবিনেট বৈঠক অনুষ্ঠিত হ’ব । প্ৰতিমাহৰ শেষৰ সপ্তাহত অনুষ্ঠিত কেবিনেট বৈঠকখন গুৱাহাটীৰ বাহিৰত অনুষ্ঠিত হয় । গুৱাহাটীৰ বাহিৰত অনুষ্ঠিত প্ৰতিখন কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ আগতে মুখ্যমন্ত্রীৰ পৰামৰ্শ অনুসৰি আমি এখন মহকুমা পৰিদৰ্শন কৰিব লাগে হেতুকে আজি আমি বাগসা জিলাৰ শালবাৰী মহকুমা পৰিদৰ্শন কৰিলো । ইয়াৰ প্ৰতিবেদন মুখ্যমন্ত্রী মহোদয়ক দিম । আনহাতে, কেবিনেট বৈঠকৰ পৰা উভতি যোৱাৰ পিছতো আমি এখনকৈ মহকুমা পৰিদৰ্শন কৰিব লাগে । ইয়াৰ জৰিয়তে বিভিন্ন জিলা মহকুমাৰ বিষয়ে প্ৰত্যক্ষভাৱে নীৰিক্ষণ কৰি আমাৰ লগতে জিলা মহকুমাৰ কাৰ্যালয় বিষয়া সকলো উপকৃত হ’ব ৷’

এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ অভিনৱ পন্থাৰ শলাগ লয় শিক্ষামন্ত্ৰীগৰাকীয়ে ৷ সংবাদ মাধ্যমৰে হোৱা সাক্ষাৎকাৰত মন্ত্ৰী গৰাকীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয়, ‘টেট এটা কণ্টিনোৱাচ প্ৰক্ৰিয়া ৷ যেতিয়াই তেতিয়াই আমাৰ বিভিন্ন ধৰণৰ চৰকাৰী নথিপত্ৰ পুনৰীক্ষণ হয় ৷ কালিৰ পৰা অসমৰ সকলো কেটেগৰীৰ শিক্ষকক এটা প’ৰ্টেলত নিজৰ নিজৰ তথ্যপাতি পঞ্জীয়ন কৰিবলৈ কোৱা হৈছে ৷ ইয়াৰ উদ্দেশ্য-বদলীকৰণ ৷ তাৰ লগে লগে শিক্ষকসকলৰ যি মেনেজমেণ্ট, ক’ত তেওঁলোক নিযুক্ত হ’ব, ক’ত বেছি শিক্ষক, ক’ত কম শিক্ষক আছে সেই ব্যৱস্থাপনাৰ বাবে প’ৰ্টেলৰ ব্যৱস্থা কৰিছো ৷ প’ৰ্টেলত যি অতি প্ৰয়োজনীয় নথিপত্ৰ যেনে প’ষ্ট গ্ৰেজুৱেট, বিএড, ডিএলএড, টেট আদিৰ তথ্য শিক্ষকসকলে আপলোড কৰিব লাগিব ৷ আপলোড কৰা প্ৰক্ৰিয়াত তাৰ পৰীক্ষা নিৰীক্ষা কৰা হ’ব ৷ যিহেতু টেটক লৈ দুই এটা কেছ ধৰা পৰিছে, ভুৱা চাৰ্টিফিকেটৰ কথা ওলাইছে ৷ গতিকে সেয়া সতৰ্কতাৰে পৰীক্ষা নিৰীক্ষা কৰা হ’ব ৷ ভুৱা টেটক লৈ বিটিএডিতে নহয় ৰাজ্যখনতে ব্যৱস্থা হাতত লোৱা হ’ব ৷’

দুষ্টচক্ৰৰ জালত যাতে কোনো যুৱক-যুৱতীয়ে ভৰি নিদিয়ে তাৰ বাবে অনুৰোধ জনাই শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, ‘অসমত টেট নিয়মীয়াকৈ অনুষ্ঠিত হৈ থাকিব ৷ অহা মাৰ্চৰ ভিতৰত সকলো টেটকে নিযুক্তি দিয়া আমি শেষ কৰিম ৷ শিক্ষা বিভাগটোক নতুন শিক্ষানীতিৰ আধাৰত ইয়াৰ অলপ গাঁথনিগত পৰিৱৰ্তন অনাৰ বাবে পদক্ষেপ লৈছো ৷ যিটো দুই-এদিনতে সকলোৱে গম পাব ৷ যি শৈক্ষিক প্ৰশাসন তাতো আমি সংশোধন অনাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছো ৷ একেটা সময়তে শিক্ষানুষ্ঠান সমূহৰ আন্তঃগাঁথনি আৰু মানদণ্ড উন্নত কৰাৰ কাৰণে শিক্ষক সকলৰ প্ৰশিক্ষণৰ ব্যৱস্থা হাতত লৈছো ৷ টেটত পাছ কৰাই দিয়াৰ নামত এক দুষ্ট চক্ৰই ম’বাইলৰ জৰিয়তে যি মেছেজ দিয়াৰ ভয়ংকৰ জাল ৰচনা কৰিছে সেই বিষয়ত চিআইডিক দ্বায়িত্ব দিয়া হৈছে ৷ শিক্ষা বিভাগত যদি দালালৰাজ আছে তাৰ বিৰুদ্ধেও চৰকাৰৰ অভিযান অব্যাহত থাকিব ৷’

তেওঁ লগতে কয়, ‘বাণীকান্ত কাকতি কম্পিউটাৰ আঁচনিৰ অন্তৰ্ভুক্ত যি ঠিকাভিত্তিক কৰ্মচাৰী আছে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰা নহয় ৷ একেদৰে, কোনো ঠিকাভিত্তিক শিক্ষকৰে চাকৰি নিয়মীয়াকৰণ নহয় ৷ কিন্তু তেওঁলোকক ৬০ বছৰ বয়সলৈকে চাকৰিৰ এটা গেৰেণ্টি দিব পৰা যায় নেকি, সমাহাৰত বেতন দিব পৰা যায় নেকি এই কথাবিলাক পৰীক্ষা-নিৰীক্ষা কৰি থকা হৈছে ৷’

Exit mobile version