Bottle Gourd:শীতকালত লাও খাইছে ? কি হৈছে ইয়াৰ ফলত

Kalinga Fresh bottle gourd 5bc9a7c2588bd

লাও মূলত গৰম কালৰ পাচলি। লাও খালে পেট ঠাণ্ডা কৰি ৰাখে। শীতকালীন বজাৰতো উপলব্ধ লাও। শীতকালত লাও খোৱাটো উচিত নে? নেকি? কি হয় শীতকালত লাও খালে ?

গ্ৰীষ্মকালত লাও খালে শৰীৰৰ বাবে বিভিন্ন ধৰণৰ উপকাৰ হয় । কিন্তু শীতকালতো সেইয়া কম নহয়। কি হয় শীতকালত লাও খালে চাওক চোন

★শীতকালত বহুলোকৰ পেটৰ বিভিন্ন সমস্যা হয়। কোষ্ঠকাঠিন্য, বুকুজ্বলাৰ সমস্যাৰ বাবে লাও খুব ভাল । নিয়মীয়াকৈ লাও খালে পেটৰ এই সমস্যা হ্ৰাস কৰে।

★তেজত কলেষ্টেৰলৰ স্তৰ হ্ৰাস কৰাতো লাও কাৰ্যকৰী। কলেষ্টেৰলৰ সমস্যাত ভুগি থকা সকলে শীতকালত লাও খাব পাৰে।

★ ডায়েবেটিচত ভুগি থকা সকলে খাদ্যৰ তালিকাত লাও ৰাখিব পাৰে।

★শীতকালত ব্যায়াম কৰাৰ ইচ্ছা হ্ৰাস হয় যাৰ বাবে এই সময়ত বহুতো মানুহৰ ওজন বৃদ্ধি হয়। লাওঁৱে ওজন হ্ৰাস কৰাত সহায় কৰে। শীতকালত নিয়মীয়াকৈ খাদ্যৰ তালিকাত লাও ৰাখিলে ওজন নিয়ন্ত্ৰণত থাকে।

Exit mobile version