Farmers : মহাপঞ্চায়তত কৃষক; লক্ষ্য প্রধানমন্ত্রী

1637634475 23ns rakesh 3col corr

লক্ষ্ণৌৰ মহাপঞ্চায়তৰ পৰা প্রধানমন্ত্রী নৰেন্দ্র মোদীক আজি তীক্ষ্ণ ভাষাত গৰিহণা দিলে কৃষক সংগঠনসমূহে । তেওঁলোকৰ অভিযোগ, কৃষকসকলৰ মাজত বিভেদ অনাৰ চেষ্টা চলাইছে প্ৰধানমন্ত্ৰী মোদীয়ে । শস্যৰ ন্যূনতম সহায়ক মূল্যৰ (এমএছপি) আইনী নিশ্চয়তাসহ আৰু কিছু দাবী উত্থাপন কৰি আন্দোলন অব্যাহত ৰখাৰ সকীয়নী দিছে কৃষক নেতাসকলে ।

উত্তৰ প্রদেশত নিৰ্বাচনৰ আগত সংযুক্ত কিষাণ মর্চাৰ মহাপঞ্চায়তত আজি ব্যাপক জনসমাগম হৈছে । সেই মঞ্চত ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা ৰাকেশ টিকায়তে প্রধানমন্ত্রীক কটাক্ষ কৰি কয়, ‘‘তেওঁলোকে এবছৰ পাছতহে বুজিলে এই আইনসমূহ জনস্বার্থ বিৰোধী । ফলত কৃষি আইনসমূহ প্রত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছে । এইটো চৰকাৰৰ সঠিক সিদ্ধান্ত । কিন্তু এই ঘোষণাৰ সময়ত (মোদী) যুক্তি দিছে, আইনসমূহক লৈ কিছুসংখ্যক মানুহক বুজাব পৰা নাই । আমিয়েই সেই কিছু মানুহ । প্ৰকৃততে এইবোৰ কৈ কৃষকসকলৰ মাজত বিভাজনৰ চেষ্টা কৰা হৈছে ।’’

টিকায়তৰ দাবী, শস্যৰ ন্যূনতম সহায়ক মূল্যৰ আইনী নিশ্চয়তাৰ প্রস্তাৱ প্রাক্তন প্রধানমন্ত্রী মনমোহন সিঙে‌‌ যি কমিটীৰ হাতত তুলি দিছিল, তাৰ নেতৃত্বত আছিল গুজৰাটৰ তৎকালীন মুখ্যমন্ত্রী নৰেন্দ্র মোদী । টিকায়তে কয়, ‘‘মোদীয়ে এতিয়া দেশৰ আগত স্পষ্ট উত্তৰ দিব লাগিব তেওঁ এই কমিটীৰ প্রস্তাৱবোৰ মানি ল’ব নে নাই ।’’ কৃষক নেতাজনে কয়, ‘‘কমিটীৰ প্ৰতিবেদন প্রধানমন্ত্রীৰ দপ্তৰতেই পৰি আছে । নতুন কোনো কমিটী গঠন কৰাৰ প্রয়োজন নাই । মানুহৰ ইমান সময়ো নাই ।’’ লগতে প্রধানমন্ত্রীক কটাক্ষ কৰি টিকায়তৰ মন্তব্য, ‘‘দেশবাসীৰ আগত কোনোবাই ক্ষমা বিচাৰিলে কৃষকসকলে শস্যৰ ন্যায্য মূল্য লাভ নকৰে । চৰকাৰৰ সঠিক নীতিৰ ফলতেই সেইটো সময়ভৱ হ’ব ।’’

লক্ষ্ণৌৰ মহাপঞ্চায়তৰ পৰা কৃষক সংগঠনৰ নেতাসকলে জনাইছে, তেওঁলোকৰ দাবী নামানিলে আন্দোলন অব্যাহত থাকিব । এই দাবীসমূহ হ’ল — কৃষিৰ মুঠ খৰচৰ ডেৰগুণ এমএছপি-ৰ বাবে আইনী নিশ্চয়তা, বিদ্যুৎ আইনৰ সংশোধনী বিল প্রত্যাহাৰ, নৰা জ্বলোৱা আইনৰ পৰা কৃষকসকলৰ শাস্তি-জৰিমনাৰ ব্যৱস্থা প্রত্যাহাৰ, আন্দোলনৰ ফলত বিভিন্ন ৰাজ্যত কৃষকসকলৰ ওপৰত কৰা গোচৰ প্ৰত্যাহাৰ, মৃত কৃষকসকলৰ পৰিয়ালক ক্ষতিপূৰণ আৰু লখিমপুৰ খেৰি কাণ্ডত কেন্দ্রীয় মন্ত্রী অজয় মিশ্রৰ পদত্যাগ ।

টিকায়তে কয়, ‘‘আমি পিছুৱাই নাযাওঁ । চৰকাৰে সংঘর্ষ বিৰতিৰ কথা ঘোষণা কৰিছে, কৃষকসকলে কৰা নাই । কৃষি আইনৰ উপৰিও আমাৰ অন্য দাবী আছে ।’’ নাম উল্লেখ নকৰাকৈ প্ৰধানমন্ত্ৰী মোদীক উদ্দেশ্যি তেওঁ কয়, ‘‘তেওঁলোকক বুজিবলৈ এবছৰ সময় লাগিল । আমি নিজৰ ভাষাত কথা ক‌ওঁ । কিন্তু দিল্লীত বিলাসবহুল বাংলোত বহি থকা সকল, তেওঁলোকৰ ভাষা পৃথক ।’’

দেশৰ মানুহক কৃষক আন্দোলনত সহযোগ কৰাৰ আহ্বান জনাই টিকায়তে কয়, ‘‘তেওঁলোকে হিন্দু-মুছলিম, হিন্দু-শিখ, জিন্নাৰ কথা কৈ আপোনালোকক একত্ৰিত কৰি ৰাখিব আৰু দেশখনক বিক্রী কৰি দিব ।’’ লক্ষ্ণৌৰ মহাপঞ্চায়তত লখিমপুৰ খেৰিত নিহত কৃষক পৰিয়ালৰ সদস্যসকলো উপস্থিত আছিল ।

লক্ষ্ণৌৰ সভাত সংযুক্ত কিষাণ মর্চাৰ নেতাসকলে মোদী চৰকাৰক সকীয়নী দিয়া সময়ত দিল্লীত কৃষি আইনক লৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰা গঠিত কমিটীৰ সদস্য অনিল জে ঘনৱতে জনায়, আইনী বিষয় পৰ্যবেক্ষণ কৰাৰ পাছতহে তেওঁ সিদ্ধান্ত ল’ব প্ৰতিবেদন প্রকাশ কৰিব নে নাই । সংবাদ সংস্থাৰ আগত ঘনৱতে আজি দাবী কৰে, কমিটীৰ বাকী দুই সদস্য, অশোক গুলাটী আৰু প্রমোদকুমাৰ জোশীয়ে এই বিষয়ত সিদ্ধান্ত গ্ৰহণৰ দায়িত্ব তেওঁৰ ওপৰতেই এৰি দিছে । অৱশ্যে এই বিষয়ত বাকী সদস্যসকলৰ প্রতিক্রিয়া পোৱা নাই । প্ৰতীবেদনটো প্রকাশ কৰাৰ আবেদন জনাই ছেপ্টেম্বৰত মুখ্য ন্যায়াধীশক পত্ৰ লিখিছিল ঘনৱতে । কিন্তু এই পর্যন্ত কমিটীৰ প্ৰতিবেদন প্রকাশ্যত অহা নাই ।

Exit mobile version