Prabhas : ভাৰতৰ আটাইতকৈ দামি অভিনেতা ! জানক প্ৰতিখন ছবিত প্রভাসৰ পাৰিশ্রমিক কিমান ?

p ed

বলিউডৰ ছুপাৰষ্টাৰসকলক পিছ পেলালে দক্ষিণৰ তাৰকা প্রভাসে । তামিলনাডু, কর্ণাটক, কেৰালা, অন্ধ্রপ্রদেশকে এতিয়া ধৰি তেওঁ সৰ্বত্ৰ জনপ্রিয় ।

এটাৰ পাছত আনটো ছবিত স্বাক্ষৰ কৰিছে তেওঁ । ৰাধে শ্যাম, ছালাৰ, আদিপুৰুষ, প্রজেক্ট কে, স্পিৰিট ছবিৰ তালিকা ক্রমবর্ধমান ।

আগন্তুক ছটা ছবিৰ ভিতৰত ৰাধে শ্যাম, আদিপুৰুষ আৰু স্পিৰিট প্রযোজনা কৰিছে ভূষণ কুমাৰে । তেৱেঁই ফাদিল কৰিলে প্রভাসৰ পাৰিশ্রমিকৰ তথ্য ।

সন্দীৰ ৰেড্ডি ভাংগা স্পিৰিট আৰু আদিপুৰুষ ছবিত প্রভাসৰ পাৰিশ্রমিক ১৫০ কোটি টকা ।

বিগত দহ বছৰত ভাৰতীয় চলচ্চিত্ৰৰ ইতিহাসত দুজন ছুপাৰষ্টাৰে প্ৰতিখন ছবিত পাৰিশ্রমিক পায় এশ কোটি টকা । সেই দুজন হ’ল ছলমান খান আৰু অক্ষয় কুমাৰ । এইবাৰ সেই তালিকাত নতুন নাম প্রভাস ।

অৱশ্যে ছলমান আৰু অক্ষয়কো পিছ পেলালে প্রভাসে । প্রতিখন ছবিত তেওঁৰ পাৰিশ্রমিক ১৫০ কোটি টকা । অৰ্থাৎ, ভাৰতৰ আটাইতকৈ দামি অভিনেতা প্রভাস ।

Exit mobile version