Viral : কাণ কাটিছে, জিভাও ফালিছে, ভিন্‌গ্রহী হ’বলৈ এইবাৰ আৰু ভয়ংকৰ কাম কৰিলে এওঁ

1637662362 alien

নিজকে আনতকৈ পৃথক দেখাবৰ বাবে কোনো কোনোৱে গায়ে, মুখে টেটু আঁকে । কোনোৱে অস্ত্রোপচাৰ কৰি শাৰীৰিক ৰূপ পৰিৱর্তন কৰি ভাল পায় । কিন্তু নিজকে ‘ব্লেক এলিয়েন’ৰ দৰে দেখাবলৈ এজন লোকে যি কৰিলে, সেয়া শুনিলে গা শিয়ৰি উঠিব ।

এন্থনি লোফ্রেডো । ফ্রান্সৰ নাগৰিক । ভিন্‌গ্রহৰ প্রাণীৰ দৰে নিজৰ ৰূপ তৈয়াৰ কৰিবলৈ নাক,ওঠ, জিভা অস্ত্রোপচাৰ কৰিলে । সৰ্ব শৰীৰ আৰু চকুৰ মণিটো টেটু কৰে লোফ্রেডোই । কিন্তু ইয়াতো তেওঁৰ মন নভৰে । নিজকে হুবহু ভিন্‌গ্রহীৰ দৰে সজাবলৈ তেওঁ আৰু বৃহৎ পদক্ষেপ লয় ।

দ্য ছান-ৰ প্রতিবেদন অনুযায়ী, শৰীৰৰ উপৰি ভাগ অস্ত্রোপচাৰ কৰি পৰিৱর্তন কৰিব পাৰিছে ঠিকেই, কিন্তু এইবাৰ ভিন্‌গ্রহৰ প্রাণীৰ দৰে হাত তৈয়াৰ কৰাৰ সিদ্ধান্ত লয় লোফ্রেডোই । এইবাৰ তেওঁ দুহাতৰ দুটাকৈ আঙুলি কটাৰ সিদ্ধান্ত লয় । যাতে তেওঁৰ হাত দেখাত পশুৰ ভৰিৰ দৰে হয় । যেনে চিন্তা তেনেই কাম । সম্প্ৰতি তেওঁ এখন হাতৰ আঙুলি কাটিছে ।

ব্লেক এলিয়েন প্রজেক্ট নামে এটা ইনষ্টাগ্রাম একাউন্টো আছে লোফ্রেডোৰ । তাত তেওঁৰ অস্ত্রোপাচাৰ কৰা হাতৰ ছবিও দিছে । লগত কেপছন লিখিছে, ‘এইবাৰ অন্তৰাত্মাৰ শান্তি হ’ল ।’ ইয়াৰ আগতে অস্ত্রোপচাৰ কৰি তেওঁ দুখন কাণ কাটিছিল । জিভাও মাজত ফালি‌ দুভাগ কৰিছে ।

বিগত বৰ্ষত অস্ত্রোপচাৰ কৰি নাক পৰিৱর্তন কৰিছিল । ২০১৭-ত এক ফৰাচী পত্রিকাত লোফ্রেডোই কৈছিল, “শৈশবৱৰ পৰাই নিজৰ দেহৰ আকৃতি পৰিৱর্তন কৰিবলৈ আগ্রহী আছিলো ।” সেই আগ্রহেই পৰৱর্তীকালত যেন নিচাত পৰিণত হয় । সেয়ে এটাৰ পাছত এটা অস্ত্রোপচাৰ কৰি শৰীৰৰ পৰিৱর্তন কৰিবলৈ কুণ্ঠাবোধ কৰা নাই লোফ্রেডোই ।

Exit mobile version