কাৰ্যকাল বৃদ্ধি পাইছে ‘গৰিব কল্যাণ যোজনা’ৰ বিনামূল্যে আৰু তিনি মাহ লাভ কৰিব কেন্দ্রৰ ৰেছন

garib kalyan yojana

আৰু তিনিমাহ বৃদ্ধি পালে কেন্দ্ৰৰ গৰিব কল্যাণ যোজনাৰ (Garib Kalyan Yojana) কাৰ্যকাল । সূত্ৰসমূহে কয় যে প্ৰস্তাৱটো বুধবাৰে কেন্দ্ৰীয় কেবিনেটে গৃহীত কৰে।

ADVERTISEMENT

ফলস্বৰূপে, মধ্যবিত্তসকলে ২০২২ বৰ্ষৰ মাৰ্চ মাহ পৰ্যন্ত বিনামূলীয়া ৰেচন (Ration) লাভ কৰিব বুলি কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে জানিবলৈ দিয়ে। প্ৰসংগত ,নৱেম্বৰত এই প্ৰকল্প বন্ধ কৰি দিয়া হব পাৰে বুলি জল্পনা তৈয়াৰ হৈছে ।

এতিয়াও হ্ৰাস হোৱা নাই কৰ’না মহামাৰী । বহুলোক এতিয়াও কৰ্মহীন । ঘূৰি অহা নাই অৰ্থনীতি। আৰু সেয়েহে আৰু ছমাহ বিনামূলীয়া ৰেছন অব্যাহত ৰাখিবলৈ অনুৰোধ জনাইছে তৃণমূলে (TMC)

তৃণমূলৰ সাংসদ সৌগত ৰয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ প্ৰেৰণ কৰি তেওঁক আৰু ছয় মাহৰ বাবে বিনামূলীয়া ৰেচন প্ৰদান কৰিবলৈ আহ্বান জনায় ।

তেওঁৰ সেই আবেদন গ্ৰহণ কৰিলে কেন্দ্ৰই আৰু তিনি মাহলৈ বৃদ্ধি কৰা হৈছে বিনামূলীয়া ৰেছন ।

শীতকালীন অধিৱেশনৰ পূৰ্বে বুধবাৰে কেন্দ্ৰীয় কেবিনেট বৈঠক অনুষ্ঠিত হয়। তাত একাধিক সিদ্ধান্ত আৰু প্ৰস্তাৱ অনুমোদিত হয়। বৈঠকৰ সময়ত গৰিব কল্যাণ যোজনাৰ কাৰ্যকাল বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হয়।

Exit mobile version