কোচৰাজবংশী নৃত্য প্ৰদৰ্শন কৰি ছিকিমৰ গেংটকৰ পৰা কোকৰাঝাৰলৈ সুনাম কঢ়িয়াই আনিলে শিশু শিল্পী নিতুমনি বৰ্মনে

36635371 62eb 476e 909e 0bff5d0c0222 1

ছিকিম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ সহযোগত গীতান্স উৎসৱ ২০২১ গেংটকৰ মান্নান ভৱনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় ।

গেংটকত অনুষ্ঠিত সৰ্ব ভাৰতীয় গীতান্স উৎসৱত কোকৰাঝাৰ জিলাৰ ভিতৰুৱা অঞ্চল চিথিলাৰ বাসিন্দা সাংবাদিক কৃষ্ণ বৰ্মন আৰু অপৰ্না ৰায়ৰ কন্যা নিতুমনি বৰ্মনও অংশ গ্ৰহন কৰে ।

শিশু শিল্পী নিতুমনি বৰ্মনে অংশ গ্ৰহন কৰি কোচৰাজবংশী নৃত্য প্ৰদৰ্শন কৰি প্ৰথম স্থান লাভ কৰি কোকৰাঝাৰলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয় । নিতুমনি বৰ্মনৰ এই সফলতাৰ বাবে উৎফুল্লিত চিথিলাবাসীৰ লগতে কোকৰাঝাৰবাসী ৰাইজ।

Exit mobile version