চেন্নাইত ১৬০ টকা হ’ল বিলাহীৰ প্ৰতিকিলোৰ মূল্য

56208541 1590290933 1499677355 F8DNIX tomato 470

দেশত শাক-পাচলিৰ মূল্য সাম্প্ৰতিক সময়ত প্ৰতিদিনে ঊৰ্ধ্বমুখী হ’বলৈ ধৰিছে । বিশেষকৈ এইবাৰ ভাৰতৰ বিভিন্ন ৰাজ্যত বিলাহীৰ মূল্য ৮০-১০০ টকা হৈছে । চেন্নাইত সম্প্ৰতি প্ৰতিকিলো বিলাহীৰ মূল্য ১৬০ টকালৈ বৃদ্ধি পাইছে ।

অন্ধ্ৰ প্ৰদেশ আৰু কৰ্ণাটকত হোৱা বানৰ পৰিণতিত বিলাহীৰ খেতি ক্ষতিগ্ৰস্ত হোৱাৰ ফলত দক্ষিণ ভাৰতত বিলাহীৰ মূল্য সৰ্বকালৰ সৰ্বাধিক হৈছে । উৎপাদন হ্ৰাসৰ লগতে অত্যধিক চাহিদা আৰু পৰিবহণ ব্যয় বৃদ্ধিৰ ফলত তামিলনাডুত প্ৰতি কিলো বিলাহীৰ মূল্য সৰ্বাধিক ১৬০ টকালৈ বৃদ্ধি পাইছে ।

বাংগালুৰুত প্ৰতি কিলো বিলাহী ১১০ টকা আৰু পিঁয়াজ ৬০ টকাত বিক্ৰী হৈছে । মুম্বাইত বিলাহী ৮০ টকা, পিঁয়াজ ৬০ টকা আৰু দিল্লীত বিলাহী কিলোত ৭০-১০০ টকাত বিক্ৰী হৈছে ।

Exit mobile version