এছিয়াৰ সবাতােকৈ ধনাঢ্য ব্যক্তি তথা ৰিলায়েন্স ইণ্ডাষ্ট্রিজৰ স্বত্বাধিকাৰী মুকেশ আম্বানীয়ে তেওঁৰ সম্পত্তিৰ ভাগ-বাটোৱাৰাক লৈ চিন্তা-চর্চা কৰিছে।
ব্লুমবৰ্গৰ প্রতিবেদনত উল্লেখ কৰা অনুসৰি, ৰিলায়েন্সৰ মুৰব্বীয়ে তেওঁৰ মৃত্যুৰ পাছত যাতে সন্তানে সম্পত্তিৰ অধিকাৰক লৈ বিবাদ লিপ্ত নহয়, সেই কথা জীৱিত অৱস্থাতে নিশ্চিত কৰিব বিচাৰিছে।
নিজৰ সম্পত্তিৰ উত্তৰাধিকাৰী নির্বাচন আৰু সা-সম্পত্তিৰ ভাগ-বাটোৱাৰাৰ বাবে আম্বানীয়ে বিশ্বৰ অন্যান্য ধনাঢ্য ব্যক্তিসকলৰ উত্তৰাধিকাৰ পৰিকল্পনা বিশ্লেষণ কৰিছে।
যিসমূহ অর্বুদপতিৰ উত্তৰাধিকাৰ পৰিকল্পনা আম্বানীয়ে এতিয়ালৈক বিশ্লেষণ কৰিলে, ইয়াৰ ভিতৰত ৰিলায়েন্সৰ স্বত্বাধিকাৰীয়ে ৱাল্টন পৰিয়ালৰ পৰিকল্পনা সবাতােকৈ পছন্দ কৰিছে।
ব্লমবৰ্গৰ প্রতিবেদনত লগতে উল্লেখ কৰা মতে, সম্পত্তিক লৈ যাতে পুত্র-কন্যাৰ মাজত ভৱিষ্যতে কোনাে সংঘাতৰ সৃষ্টি নহয়, সেই কথা আম্বানীয়ে জীৱন কালতে সমাধান কৰিব বিচাৰিছে।
উল্লেখ্য যে ২০০২ত পিতৃ ধীৰুভাই আম্বানীৰ মৃত্যুৰ পাছত সম্পত্তিৰ অধিকাৰক লৈ দুই পুত্র মুকেশ আম্বানী আৰু অনিল আম্বানীৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল।
পাছত মাতৃ আনন্দিবেনে দুই পুত্ৰৰ মাজত সম্পত্তি ভগাই দিছিল। এই সমস্যাৰ সন্মুখীন হােৱা মুকেশে সেয়েহে বিচৰা নাই যে তেওঁৰ অনুপস্থিতিত সন্তানে সম্পত্তিৰ অধিকাৰক লৈ সংঘাতত লিপ্ত হওক।
ৱালমার্টৰ প্ৰতিষ্ঠাপক ছেম ৱাল্টনে ১৯৫৩ত তেওঁৰ মৃত্যুৰ ৪০ বছৰ পূর্বে উত্তৰাধিকাৰ পৰিকল্পনা যুগুত কৰিছিল আৰু মুঠ সম্পত্তিৰ ৮০ শতাংশ চাৰি সন্তানৰ মাজত ভগাই দিছিল।
ৱাল্টনে কোম্পানীৰ ব্যৱসায়ৰ চোৱাচিতাৰ দায়িত্বও দৈনিক হিচাপত প্ৰৱন্ধকৰ হাতত উত্তৰাধিকাৰ পত্ৰৰ জৰিয়তে অর্পণ কৰিছিল। প্ৰৱন্ধকৰ কাম-কাজ নজৰত ৰাখিবলৈ ৱাল্টনে তেওঁৰ জ্যেষ্ঠ পুত্র আৰু ভতিজাক লৈ এখন পৰিষদ গঠন কৰি দিছিল।
প্রকাশিত বাতৰি অনুসৰি, আম্বানীয়ে ৱাল্টনৰ এই উত্তৰাধিকাৰ পত্ৰখন সবাতােকৈ অধিক পছন্দ কৰিছে। আম্বানীয়ে এটা ন্যাসলৈ তেওঁৰ সম্পত্তি হস্তান্তৰ কৰাৰ সম্ভাৱনা আছে আৰু এই ন্যাসে ৰিলায়েন্স ইণ্ডাষ্ট্রিজৰ মালিকানা লাভ কৰিব।
এই ন্যাসত মুকেশ আম্বানী, পত্নী নীতা আম্বানী, তিনি সন্তানৰ অংশ থাকিব।