AIDS : নিঃশেষ হৈছে নেকি এইচআইভি ? বিৱর্তন ঘটিছে মানুহৰ ৰোগ প্রতিৰোধ ক্ষমতাৰ ?

HIV image

মানুহৰ ৰোগ প্রতিৰোধ ক্ষমতাৰ ক্রমশ বিৱর্তন ঘটিছে নেকি ! ‘হিউমেন ইমিউনোডেফিচিয়েন্সি ভাইৰাছ’ বা এইচআইভি সংক্রমিত এগৰাকী যুৱতীৰ শৰীৰৰ পৰা হঠাৎ নোহোৱা হ’ল ভাইৰাচ । ২০১৩ত এইড্‌ছ ধৰা পৰিছিল যুৱতীগৰাকীৰ । তেওঁৰ স্বামীৰো এইড্‌ছ আছিল । তেওঁৰ মৃত্যু হয় । কিন্তু ভাইৰাছক ‘প্ৰতিহত’ কৰিছে যুৱতীগৰাকীয়ে । বিস্মিত চিকিৎসকসকল । তেওঁলোকৰ দাবী, প্রাকৃতিকভাৱে কাৰোবাৰ এইচআইভি-মুক্ত হোৱা ঘটনা বিশ্বত এয়ে প্রথম ।

আর্জেন্টিনাৰ এছপেৰানজা চহৰৰ বাসিন্দা ৩০ বছৰীয়া এইচআইভি আক্রান্ত যুৱতী আন সংক্রমিতৰ দৰে নাছিল । চিকিৎসকসকলৰ পৰিভাষাত ‘এলিট কন্ট্র’লাৰ’ আছিল যুৱতীগৰাকী । অর্থাৎ, তেওঁ সংক্রমিত হোৱাৰ বহু বছৰ পাছত এইচআইভি-ৰ উপস্থিতি ধৰা পৰে শৰীৰত । অসুখ ধৰা পৰাৰ পাছত তেওঁ ঔষধ খোৱা আৰম্ভ কৰে । তাৰ পাছতেই হঠাৎ এই ঘটনা । এসময়ত তেওঁ ঔষধ খোৱা বন্ধ কৰি দিয়ে । কিন্তু পুনৰ ৰোগীয়া নহয় । যিটো সাধাৰণতে নহয় । সম্প্রতি এই সংক্রান্তত এটা প্ৰতিবেদন প্রকাশিত হৈছে আমেৰিকান জার্নেল ‘এনালছ অৱ ইন্টাৰনেল মেডিচিন’ত ।

মানৱ শৰীৰত যিকোনো ভাইৰাছ সংক্রমণৰ পাছত দেখা যায়, ভাইৰাছবিধে শৰীৰত প্রতিলিপি গঠন কৰি থাকে । এই আর্জেন্তিনীয় যুৱতীগৰাকীৰ ক্ষেত্রত দেখা গ’ল, তেওঁৰ ডিএনএ-ত ভাইৰাছৰ উপস্থিতিৰ কোনো চাপ নাই । অর্থাৎ ‘প্র’ভাইৰাছ’ গঠন হোৱা নাই । ‘প্র’ভাইৰাছ’ হ’ল — যেতিয়া ভাইৰাছৰ জেনেটিক মেটেৰিয়েল মানৱ কোষৰ (হোষ্ট চেল) ডিএনএ-ৰ ভিতৰত প্ৰৱেশ কৰে আৰু মানৱ কোষৰ জিনমৰ স’তেই প্রতিলিপি গঠন কৰিবলৈ আৰম্ভ কৰে । এই ক্ষেত্রত গৱেষকসকলে বহু ‘সন্ধানৰ’ পাছতো ভাইৰাছৰ অস্তিত্ব পোৱা নাই যুৱতীগৰাকীৰ শৰীৰত । তেওঁলোকে কয়, ইয়াক ‘ষ্টেৰিলাইজিং কিউৰ’ বুলি কোৱা হয় । অর্থাৎ, যুৱতীগৰাকীৰ শৰীৰৰ ভাইৰাছৰ কোনো প্রতিলিপি নাই ।

কিন্তু কেনেদৰে এইটো সম্ভৱ হ’ল ? বিজ্ঞানীসকলৰ মতে — ‘ৰহস্য’ । ইয়াৰ পূৰ্বেও দুজন এইচআইভি ৰোগীৰ সুস্থ হৈ উঠাৰ নজিৰ আছে । কিন্তু তেওঁলোকৰ তেজত কৰ্কট ৰোগ আছিল । সেয়ে তেওঁলোকৰ দীর্ঘ চিকিৎসা চলিছিল । ষ্টেম চেল প্রতিস্থাপণো কৰা হৈছিল । তাৰ পাছত এসময়ত তেওঁলোক এইচআইভি-মুক্ত হয় । কিন্তু এই ক্ষেত্রত এনেকুৱা একো হোৱা নাই । সকলো প্রকৃতিভাৱে হৈছে । কেনেদৰে হ’ল, তাৰো কোনো উত্তৰ নাই চিকিৎসকসকলৰ ওচৰত । এটা বিষয়তেই কেৱল তেওঁলোক দ্বিধাহীন । সেয়া হ’ল— ‘‘এই ৰোগৰ পৰা সুস্থ হোৱা সম্ভৱ ।’’

বছনৰ ‘ৰেগন ইনষ্টিটিউট’ৰ বিশেষজ্ঞ শু ইউ আৰু বুয়েনেছ আইৰেছৰ ‘ইনষ্টিটিউট অৱ বায়’মেডিকেল ৰিছার্চ ইন ৰেট্র’ভাইৰাছ এণ্ড এইড্‌চ’-ৰ নটালিয়া লুফেৰে কয়, ‘‘সেই ‘এলিট কন্ট্র’লাৰ’-ৰ তেজ আৰু কলাকোষত ব্যাপক তদন্তৰ পাছতো ভাইৰাছৰ সন্ধান পোৱা নাযায় । সেয়ে ধাৰণা হয়, প্রাকৃতিকভাৱেই ৰোগীগৰাকী সুস্থ হৈছে ।’’

বিশেষজ্ঞসকলৰ পর্যবেক্ষণ, ‘‘এনেদৰেই প্রাকৃতিকভাৱে শৰীৰৰ পৰা ভাইৰাছৰ অবলুপ্তিৰ ঘটনা বিৰল । কিন্তু এয়া যে সম্ভৱ, সেয়া এয়ে প্রথম জানিব পৰা গ’ল ।’’

এইড্‌ছ মহামাৰী আৰম্ভ হোৱাৰ পৰা এই পর্যন্ত আঠ কোটি মানুহ এইচআইভি সংক্রমিত হৈছে । তিনি কোটি ৬৩ লাখ মানুহৰ মৃত্যু হৈছে । ২০২০ৰ পৰিসংখ্যা অনুযায়ী, সেই বছৰটোত সমগ্ৰ বিশ্বত প্ৰায় তিনি কোটি ৭৭ লাখ মানুহ এইচআইভি সংক্ৰমিত হোৱাৰ পাছতো জীৱিত আছিল । কোনো এইচআইভি সংক্রমিতে দীর্ঘদিন চিকিৎসা অবিহনে থাকিলে সেয়া এইড্‌ছ (একোৱার্ড ইমিউনোডেফিচিয়েন্স চিণ্ড্ৰম)-ত পৰিণত হয় ।

এই পর্যন্ত এইচআইভি-ৰ কোনো চিকিৎসা নাই ।এবাৰ কোনোৱে এই ভাইৰাছত সংক্রমিত হ’লে, গোটেই জীৱন এই ভাইৰাছৰ স’তেই জীয়াই থাকিব লগা হয় বুলি জানিব পৰা গৈছিল । দশকৰ পাছত দশক গৱেষণাৰ পাছতো সুস্থ হোৱাৰ উপায় পোৱা নাই চিকিৎসকসকলে । তেনে সময়তে এগৰাকী এইচআইভি-জয়ীৰ খবৰ লাভ কৰি উচ্ছ্বসিত চিকিৎসক-বিশেষজ্ঞ মহল ।

Exit mobile version