Cryptocurrency : হ্ৰাস পালে ক্ৰিপ্টোকাৰেন্সিৰ মূল্য

cryptocurrency

ডিজিটেল মুদ্রাৰ অপব্যৱহাৰ কেনেদৰে বন্ধ কৰিব পাৰি তাক লৈ চৰকাৰে চিন্তা-চৰ্চা কৰি আছে । শীতকালীন অধিবেশনত এই সংক্রান্তত ‘দ্য ক্রিপ্টোকাৰেন্সি এণ্ড ৰেগুলেছন অৱ অফিচিয়েল ডিজিটেল কাৰেন্সি বিল, ২০২১’, পাছ কৰাৰ সম্ভাৱনা মোদী চৰকাৰৰ । এই খবৰ প্রকাশ্যত অহাৰ লগে লগে মূল্য হ্ৰাস পালে ডিজিটেল মুদ্রাৰ । ১৫ শতাংশ মূল্য হ্ৰাস পালে সমস্ত ডিজিটেল মুদ্রাৰ ।

বিটক‌ইনৰ ১৮.৫৩ শতাংশ মূল্য হ্ৰাস পাইছে । ইথেৰিয়ামৰ ১৫.৫৮ শতাংশ আৰু টেথাৰৰ মূল্য হ্ৰাস পাইছে ১৮.২৯ শতাংশ । ডিজিটেল মুদ্রা সংক্রান্ত ৱেবছাইট কয়েনডেস্ক-ৰ তথ্য অনুযায়ী, মঙলবাৰে সন্ধিয়া ৫৫ হেজাৰ ৪৬০ ডলাৰ মূল্য হ্ৰাস পাইছে বিটক‌ইনৰ । ১৩ অক্টোবৰৰ পাছত এয়ে প্রথম ইমান হ্ৰাস পালে ডিজিটেল মুদ্রাৰ মূল্য ।

ব্লকচেইনৰ অন্তর্গত ডিজিটেল মুদ্রা ক্রিপ্টোকাৰেন্সি । সাম্প্রতিক সময়ত ভাৰতীয় বজাৰত এই ডিজিটেল মুদ্রাৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে । কোনো ধৰণৰ চৰকাৰী বিধিনিষেধ নথকাত বিজ্ঞাপনত আকাশলংঘী লাভ কৰিছে । বিশেষজ্ঞসকলে বাৰে বাৰে সতর্ক কৰিছে যে, এই জালত পৰি সর্বস্বান্ত হ’ব পাৰে মানুহ । বিগত কিছু দিন ধৰিে এই প্রসংগত চৰকাৰী অভিমুখ কি হ’ব, তাক লৈ আলোচনা চলিছিল । আইন জাৰি কৰি বিশ্বব্যাপী ভার্চুৱেল মুদ্রাৰ লেনদেন ৰোধ কৰিব নোৱাৰি বুলি জানি চৰকাৰে, সামগ্রিক নিষেধাজ্ঞাৰে ডিজিটেল মুদ্রাক চৰকাৰী নিয়ন্ত্রণৰ আওতাত অনাৰ যো-জা চলাইছে ।

ক্রিপ্টোকাৰেন্সি সন্দৰ্ভত কেন্দ্রীয় মন্ত্রীসভাৰ গুৰুত্বপূর্ণ মন্ত্রণালয় আৰু ৰিজার্ভ বেংক অৱ ইণ্ডিয়াৰ স’তে নিজে আলোচনা কৰিব প্রধানমন্ত্রী মোদীয়ে । সংসদীয় পেনেলতো এই সন্দৰ্ভত নিজৰ মাজত আলোচনা আৰম্ভ কৰিছে ।

Exit mobile version