অবৈধ খননৰ বিৰুদ্ধে বাগসা-বৰপেটাৰ দোমনিত ৰাইজৰ উত্তাল প্ৰতিবাদ

বেঁকীত অবৈধ খননৰ বাবে হেজাৰ হেজাৰ বিঘা মাটি নিঃশেষ

WhatsApp Image 2021 11 25 at 8.16.09 PM

বিগত কিছু বছৰ ধৰি এক দুষ্ট চক্ৰই বেঁকী নৈত অবৈধ খনন চলাই আহিছে । যাৰ বাবে বেঁকী নৈৰ কাষৰীয়া দোমনি, কাটাঝাৰ, বাৰাপেটা, আইৰমাৰি আদি অঞ্চলত গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছিল ৷ বৃহত্তৰ অঞ্চলৰ হেজাৰ হেজাৰ বিঘা কৃষিমাটি, আবাসভূমি খহাই নিছে বেঁকী নৈয়ে ৷ তাৰ পাছতেই আজি অঞ্চলটোৰ বৃহৎসংখ্যক ৰাইজে ওলাই আহি বাগসাৰ সীমান্তৱৰ্তী বৰপেটা জিলাৰ দোমনিঘাটত বেঁকী নৈত অবৈধ খননৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

প্ৰথমে কুৱেৰীৰ গাড়ী অহা-যোৱা কৰা পথটো অৱৰোধ কৰে আৰু ইয়াৰ পাছতে মাইকযোগে সমদল কৰি কুৱেৰী বন্ধ কৰাৰ দাবী উত্থাপন কৰে প্ৰতিবাদী ৰাইজে ৷ এই খননৰ লগত জনৈক বন বিষয়া জড়িত থকাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷ শীঘ্ৰেই এই অবৈধ খনন বন্ধ কৰিবলৈ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদী ৰাইজে ৷ অবৈধ খনন বন্ধ নকৰিলে তীব্ৰ জংঘী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদী ৰাইজে ৷

উল্লেখ্য যে প্ৰতিবাদকাৰীসকলে ‘বন বিভাগ হায় হায়’, ‘বন মন্ত্ৰী হায় হায়’, ‘বন বিষয়া মুৰ্দাবাদ’ আদি শ্ল’গানেৰে দোমনিৰ পৰিৱেশ উত্তাল কৰি তোলে ৷ উল্লেখ্য যে আজি প্ৰতিবাদী সমদল উলিওৱাৰ সময়ত প্ৰতিবাদী ৰাইজ আৰু অবৈধ শিলবালি মহলৰ লগত জড়িত একাংশৰ মাজত খণ্ডযুদ্ধৰো সৃষ্টি হয় ৷

Exit mobile version