আগন্তুক বসন্তত ইউৰােপত ক’ভিডে প্রাণ কাঢ়িব সাত লাখ লােকৰ : হুৰ শংকা

1637711983 coronavirus in europe

ইউৰােপত যিদৰে শেহতীয়াভাৱে কৰ’নাৰ সংক্রমণ ঊর্ধ্বমুখী হ’বলৈ ধৰিছে। তাৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক কে’বা মাহত এই ভাইৰাছত বৃহৎসংখ্যক লােকৰ মৃত্যু হ’ব বুলি আশংকা প্রকাশ কৰিলে বিশ্ব স্বাস্থ্য সংস্থা (হু)ই।

হুৰ ইউৰােপৰ শাখাই কয় যে আগন্তুক বসন্তত ইউৰােপত পুনৰ সাত লাখ লােকৰ ক’ভিডত মৃত্যু হ’ব পাৰে। এই ঘটনা সংঘটিত হলে এইবাৰৰ বসন্তত ইউৰােপত কৰ’নাত মৃতকৰ মুঠ সংখ্যাই ২০ লাখ সীমা অতিক্রম কৰিব।

এনে শংকাৰ প্রতি লক্ষ্য ৰাখি হুৱে প্রবীণ আৰু অসুস্থ নাগৰিকক দ্রুতভাৱে বুষ্টাৰ প্রতিষেধক প্ৰদানৰ পৰামর্শ দিছে। ইফালে, ইউৰােপৰ দেশসমূহত পুনৰ কৰনাৰ সংক্রমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি জার্মানী আৰু ডেনমার্ক ভ্ৰমণৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিলে আমেৰিকাই।

মার্কিন নাগৰিকসকলক আমেৰিকাই অষ্ট্রিয়া, ব্রিটেইন, বেলজিয়াম, নৰৱে, ছুইজাৰলেণ্ড, ৰােমানিয়া, আয়াৰলেণ্ড আৰু চেক প্রজাতন্ত্র ভ্ৰমণৰ পৰা সম্প্রতি বিৰত থাকিবলৈ নির্দেশ দিছে।

Exit mobile version