কৃতিত্ব অৰ্জন কৰাৰ পাছত পাঠশালাৰ নিজ গৃহত উপস্থিত বৰ্ণালী দাস

কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজে উষ্ম সম্বৰ্ধনা জনালে প্ৰাক্তন ছাত্ৰী বৰ্ণালীক

WhatsApp Image 2021 11 25 at 8.16.38 PM

বজালীৰ জীয়ৰী বৰ্ণালী দাসৰ কৃতিত্ব‌ই গৌৰাৱম্বিত কৰিছে সমগ্ৰহ অসমবাসীক । পুনেস্থিত টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিছাৰ্চত গৱেষণা কৰি বৰ্ণালীয়ে সূৰ্যতকৈ ডাঙৰ, অতি উষ্ণ আৰু বৃহৎ চুম্বকীয় ক্ষেত্ৰৰ অধিকাৰী আঠটাকৈ তৰাৰ ৰহস্য তথা বৈশিষ্টৰ সন্ধান উলিয়াবলৈ সক্ষম হৈছে । হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰা বৰ্ণালী দাসৰ এই কৃতিত্বৰ বাবে সমগ্ৰ বজালী জিলাৰ লগতে অতি আনন্দিত হৈ পৰিছে তেওঁৰ পিতৃ-মাতৃ । পিতৃ মুনিন দাস আৰু মাতৃ শিৰন কলিতা দাস নিজ কন্যা বৰ্ণালীৰ সফলতাৰ বাবে আনন্দ প্ৰকাশ কৰাৰ লগতে নিজৰ মনৰ কথা ব্যক্ত কৰিছে l

উল্লেখ্য যে অৱসৰপ্ৰাপ্ত মহাবিদ্যালয়ৰ অধ্যাপক মুনীন দাস আৰু অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী চিৰণ কলিতা দাসৰ কন্যা বৰ্ণালী । নেচনেল চেণ্টাৰ ফৰ ৰেডিঅ’ এষ্ট্ৰ’ফিজিক্সত গৱেষণা কৰি বৰ্ণালী দাসে অহা জানুৱাৰীত আমেৰিকালৈ উৰা মাৰিব মহাকাশৰ ৰহস্য ভেদ কৰিবলৈ গ্ৰহ-নক্ষত্ৰৰ সন্ধান উলিয়াবলৈ ।

আজি পাঠশালাৰ ঘৰত নিজৰ মনৰ কথা প্ৰকাশ কৰিলে বৰ্ণালীয়ে l আজি পাঠশালাৰ অন্যতম বেচৰকাৰী শিক্ষানুষ্ঠান কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ প্ৰাক্তন ছাত্ৰীগৰাকীৰ সফলতাত আয়োজন কৰা হয় এক উষ্ম আদৰণি অনুষ্ঠান ৷

উল্লেখ্য যে পাটাছাৰকুছি শংকৰদেৱ শিশু নিকেতনৰ পৰা হাইস্কুল আৰু কৃষ্ণকান্ত সন্দিকৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা স্থান লাভ কৰিবলৈ সক্ষম হৈছিল ৷ বিদ্যালয়ৰ বাকৰিত অধ্যক্ষ ৰবীন কলিতাৰ সভাপতিত্ব অনুষ্ঠিত এই উষ্ম আদৰণি অনুষ্ঠানত ছাত্ৰীগৰাকীয়ে গৱেষণাৰ বিষয়বস্তু সন্দৰ্ভত বিস্তৃত ব্যাখ্যা আগবঢ়ায় ৷ ছাত্ৰীগৰাকীক লৈ উৎফুল্লিত হৈ পৰে সমগ্ৰ কৃষ্ণকান্ত সন্দিকৈ পৰিয়ালবৰ্গ‌ ৷

Exit mobile version