বজালী জিলা পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ

বিশেষভাৱে সক্ষম শিশুৰ আৱাসগৃহ 'তপোবন'ত মন্ত্ৰীগৰাকীৰ কে'বাটাও গুৰুত্বপূৰ্ণ মন্তব্য

WhatsApp Image 2021 11 25 at 8.14.34 PM

ৰাজধানীৰ বাহিৰত দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত কেবিনেট বৈঠক বঙাইগাঁও জিলাত সমাপ্ত হোৱাৰ পাছত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি বজালী জিলা পৰিদৰ্শন কৰে । ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰ আৰু বজালী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰীক লগত লৈ মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰে জিলাখনৰ কে’বাটাও স্থান । বিভিন্ন স্থানৰ হিতাধিকাৰী ব্যক্তিক লগ কৰি মন্ত্ৰীগৰাকীয়ে অৰুণোদয় আঁচনি আৰু বিভিন্ন পেঞ্চন আঁচনিৰ ধন সময়মতে লাভ কৰিছে নে নাই আৰু অন্য কিবা সমস্যাৰ সন্মুখীন হৈছে নেকি তাৰ বুজ লয় ।

ইয়াৰ পাছতে মন্ত্ৰী মহন্ত‌ই ক’ভিড আক্ৰান্ত হৈ মৃত্যু হোৱা ভৱানীপুৰৰ হৰিপুৰ গাঁও আৰু বাংলীপাৰা দুই পৰিয়ালৰ লোকক পৃথকে পৃথকে সাক্ষাৎ কৰে । পাঠশালাস্থিত বিশেষভাৱে সক্ষম শিশুৰ আৱাসগৃহ ‘তপোবন’ত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে, তপোবনত শিশুসকলৰ বাবে সপ্তাহত দুদিন চিকিৎসকৰ সেৱা আগবঢ়োৱাৰ ব্যৱস্থা কৰা হ’ব । লগতে বৰপেটা চিকিৎসা মহাবিদ্যালয় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শিশুসকলৰ বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰিব ।

ক’ভিড আৰু ক’ভিডৰ ভেকচিন সন্দৰ্ভত মত ব্যক্ত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, বৰ্তমান সময়ত ক’ভিড নিয়ন্ত্ৰণ হৈয়ে আছে । এতিয়া দুশৰ ওপৰত ক’ভিড আক্ৰান্ত ওলোৱা নাই বুলিও মন্তব্য কৰি তেওঁ পুনৰ কয়, ‘আমি মানুহক ভেকচিন দিয়াৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছো দুই পালিকৈ ভেকচিন বহু সংখ্যকে গ্ৰহণ কৰিছে দ্বিতীয় পালি লʼবলৈ থকা বাকী সংখ্যক ব্যক্তিয়েও দুপালিকৈ ভেকচিন গ্ৰহণ কৰাৰ পাছত আৰু ক’ভিড আক্ৰান্ত নোলাব ।’

তপোবনৰ পাছতেই মন্ত্ৰী কেশৱ মহন্তই নিত্যানন্দ খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ পৰিদৰ্শন কৰি স্বাস্থ্য কেন্দ্ৰখনৰ সাম্প্ৰতিক পৰিস্থিতিৰ বুজ লয় ।

Exit mobile version