বিটিএডিত উচ্ছেদ চলোৱাৰ আগত বিকল্প চিন্তা কৰিব লাগিব : ৰঞ্জিত বসুমতাৰী

শালবাৰীত ইউপিপিএলৰ সভাত বিটিচিৰ কাৰ্যবাহী সদস্য

WhatsApp Image 2021 11 25 at 6.16.10 PM

বাগসাৰ শালবাৰীৰ নিমুৱাত আজি ইউপিপিএল দলৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ৷ ৰাজনৈতিক দল হিচাপে ইউপিপিএল দলৰ ভৱিষ্যৎ পৰিকল্পনা বা কাৰ্যপন্থা কি কি হ’ব, শালবাৰীত ইউপিপিএল দলে ৰাইজৰ বাবে কেনে ধৰণৰ কাৰ্য ব্যৱস্থা হাতত ল’ব সেই বিষয়ে আজিৰ সভাখনত আলোচনা কৰা হয় ৷ আজিৰ সভাখনত অংশগ্ৰহণ কৰে বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী ওৰফে বি আৰ ফেৰেংগাই ৷

আলোচনাৰ অন্তত সংবাদ মাধ্যমৰ স’তে হোৱা সাক্ষাৎকাৰত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কাৰ্যবাহী সদস্যগৰাকীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয় যে, বিটিএডিতো অবৈধ বেদখলকাৰী আছে ৷ অবৈধ বেদখলকাৰীক উচ্ছেদ কৰাৰ আগত আমি বিকল্প চিন্তা কৰিব লাগিব ৷ উচ্ছেদ কৰাৰ পাছত আৰু এক আন্দোলনৰ সৃষ্টি হওক সেয়া আমি বিচৰা নাই ৷ পৰ্যায়ক্ৰমে চিন্তা-চৰ্চাৰ মাজেৰে উচ্ছেদৰ ব্যৱস্থা হাতত লোৱা হ’ব ৷

তেওঁ লগতে কয়, সমাজখন আমি কেনেদৰে ভালকৈ গঢ় দিব পাৰো তাকেহে চিন্তাচৰ্চা কৰি আছো ৷ আমাৰ মাজত বড়ো, অসমীয়া, বঙালী, মুছলমান,‌ আদিবাসী বুলি যেতিয়ালৈকে মনত ভাব এটা সোমাই থাকিব তেতিয়ালৈকে আমি বিচৰাধৰণে সমাজখন গঢ় দিব নোৱাৰিম ৷

মানাহত উচ্ছেদ সম্পৰ্কে সোধা প্ৰশ্নৰো প্ৰতিক্ৰিয়া ব্যক্ত কৰি কাৰ্যবাহী সদস্যগৰাকীয়ে কয়, ‘মানাহ জন্ম হোৱাৰ আগৰ পৰাই যদি তাত কোনোবা বাস কৰি আছিল তেতিয়াহ’লে উচ্ছেদ কৰাৰ আগত আমি সেইবোৰ চালি-জাৰি চাব লাগিব ৷’

কাৰ্যবাহী সদস্যগৰাকীয়ে বিপিএফ মুৰব্বী হাগ্ৰামা মহিলাৰী সন্দৰ্ভত মন্তব্য আগবঢ়াই কয় যে, নিৰ্বাচনত হৰাৰ পাছত বিপিএফ মুৰব্বী হাগ্ৰামা মহিলাৰী আৰু খাম্ফা বৰগয়াৰীয়ে মানুহক উচতনি দিছে যেনেকৈ হ’লেও ইউপিপিএল দলক ধ্বংস কৰিব লাগে বুলি ৷ হাগ্ৰামা মহিলাৰী আৰু খাম্ফা বৰগয়াৰীয়ে বিপিএফৰ ছাপ’ৰ্টাৰ বহু লোকক জংঘললৈ পঠিয়াইছে ৷ যাৰ বাবে জংঘলৰ জীৱ-জন্তুৰ ক্ষেত্ৰতো আজি হাৰাশাস্তিৰ সৃষ্টি হৈছে ৷ মানুহৰ ভুলৰ বাবেই আজি বনাঞ্চলৰ জীৱ-জন্তু জনাঞ্চললৈ ওলাই আহিবলৈ বাধ্য হৈছে ৷ বন ধ্বংসকাৰীৰ বিৰুদ্ধে পৃথিৱীত নোহোৱা কঠোৰতম ব্যৱস্থা আমি হাতত ল’ম ৷

সভাখনত শালবাৰী জিলা ইউপিপিএলৰ বিনোদ মুছাহাৰী, কনক বড়ো, সত্যজিৎ বড়োকে ধৰি বহুকেইগৰাকী নেতাকৰ্মী উপস্থিত আছিল ৷

Exit mobile version