বিদ্যুৎ আইন ২০০৩ আৰু তাৰ সংশোধনী বিদ্যুৎ বিল ২০২১ বাতিল, বিদ্যুতৰ মাচুল হ্ৰাস কৰাৰ দাবীত এছ ইউ চি আইৰ বিক্ষোভ

WhatsApp Image 2021 11 25 at 5.31.29 PM

জনস্বাৰ্থ বিৰোধী বিদ্যুৎ আইন ২০০৩ আৰু তাৰ সংশোধনী বিদ্যুৎ বিল ২০২১ বাতিল আৰু বিদ্যুতৰ মাচুল হ্ৰাস কৰাৰ দাবীত আজি এছ ইউ চি আই (কমিউনিষ্ট) দলৰ অসম ৰাজ্যিক কমিটিৰ আহ্বানত গুৱাহাটীৰ পল্টন বজাৰস্থিত বিজুলী ভৱনত বিক্ষোভ প্ৰদৰ্শন কৰা হয় । এই উপলক্ষে দিনৰ ১২ বজাত দলৰ ভালেসংখ্যক কৰ্মী পানবজাৰস্থিত উৰণীয়া সেঁতুৰ সমীপত সমবেত হৈ বিক্ষোভ প্ৰদৰ্শন কৰে ।

প্ৰতিবাদকাৰীসকলে বিদ্যুৎ ২০০৩ আইন প্ৰত‍্যাহাৰ কৰক, বিদ্যুৎ (সংশোধনী) ২০২১বিল বাতিল কৰক, বিদ্যুৎ পৰিষদক ব্যক্তিগতকৰণ কৰা নচলিব, বিদ্যুতক যৌথ তালিকাৰ সংবিধানিক অধিকাৰৰ পৰা বঞ্চিত কৰা নচলিব, বিদ্যুতক অতি কেন্দ্ৰীকৰণ কৰা বন্ধ কৰক, ইলেক্ট্ৰিচিটি কন্ট্ৰেক্ট এনফোৰ্চমেন্ট অথৰিটি গঠন কৰা নচলিব, মাচুল সমান কৰাৰ নামত ক্ৰচ ছাবচিডি তুলি দিয়া নচলিব, প্ৰিপেইড মিটাৰ লগোৱা বন্ধ কৰক, কৃষি আৰু ঘৰুৱা ব্যৱহাৰত ২০০ ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুৎ যোগান ধৰক, প্ৰচলিত ছোলাৰ বিদ্যুৎ উৎপাদন আৰু ব্যৱহাৰত সাধাৰণ গ্ৰাহকক বাধা নিষেধ কৰা নচলিব ইত্যাদি শ্ল’গান সম্বলিত বেনাৰ, ফেষ্টুন, প্লেকাৰ্ড আদি লৈ এ টি ৰোড হৈ বিজুলী ভৱনত উপস্থিত হৈ সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে ।

বিক্ষোভৰ অন্তত অসম বিদ্যুৎ বিতৰক কোম্পানী লিমিটেডৰ অধোক্ষৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ সাত দফীয়া দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয় । দলৰ অসম ৰাজ্যিক কমিটিৰ সম্পাদক কমৰেড চন্দ্ৰলেখা দাস স্বাক্ষৰিত স্মাৰক পত্ৰত একচেটিয়া পু্ঁজিপতিৰ স্বাৰ্থত প্ৰণয়ন কৰা জনবিৰোধী বিদ্যুৎ সংশোধনী বিল সংসদৰ অধিৱেশনত উপস্থাপনৰ পৰা বিৰত থাকিবলৈ প্ৰধানমন্ত্ৰীক আহ্বান জনায় ।

বিক্ষোভৰ অন্তত উক্ত স্থানত এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয় দলৰ ৰাজ্যিক সম্পাদক কমৰেড চন্দ্ৰলেখা দাসে এই জনস্বাৰ্থ বিৰোধী বিদ্যুৎ (সংশোধনী ) বিল ২০২১ ৰ বিৰুদ্ধে অহা দিনত তীব্ৰ প্ৰতিৰোধ আন্দোলন গঢ়ি তোলাৰ বাবে আগুৱাই আহিবলৈ জনসাধাৰণক আহ্বান জনায় ।

Exit mobile version