গুৰু-শিষ্যৰ পবিত্ৰ সম্পৰ্কত কালিমা সনা গোসাইগাঁও মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰবক্তা জয়নাল আবেদিনৰ বিৰুদ্ধে আজিও প্ৰতিবাদ সাব্যস্ত কৰিছে ছাত্ৰ-ছাত্ৰীসকলে ৷
মহাবিদ্যালয়ৰ ছাত্ৰীক ফোনযোগে অশালীন প্ৰস্তাব দিয়া জয়নাল আবেদিনক কলেজৰ পৰা বৰ্খাস্ত কৰাৰ দাবীত আজি কলেজ চৌহদত প্ৰতিবাদ কৰে ছাত্ৰ-ছাত্ৰীসকলে ৷
গোসাইগাঁও কলেজ ছাত্ৰ একতা সন্থাৰ উদ্যোগত সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে লম্পট প্ৰবক্তাগৰাকীৰ বহিষ্কাৰ কৰাৰ লগতে কঠোৰতম শাস্তিৰ দাবীত মহাবিদ্যালয়ৰ অধ্যক্ষৰ কোঠাৰ সন্মুখত তীব্ৰ প্ৰতিবাদ কৰে ৷
শ্ৰেণী বৰ্জন কৰি প্ৰায় দুই ঘণ্টা প্ৰতিবাদ সাব্যস্ত কৰি লম্পট প্ৰবক্তাগৰাকীক ৭২ ঘণ্টাৰ ভিতৰত বহিস্কাৰ কাৰৰ দাবী জনাই অধ্যক্ষ ড° কুমুদ ৰঞ্জন বসুমতাৰীক এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷
অধ্যক্ষই তদন্ত সমিতি গঠন কৰি কলেজৰ গাইড লাইন মতে সকলো ব্যৱস্থা ল’ব বুলি আশ্বাস দিয়াত ছাত্ৰ-ছাত্ৰীসকল প্ৰতিবাদ উঠাই লৈ শ্ৰেণী কোঠাত যোগদান কৰে ।