Kangana : এফআইআৰ-ত গুৰুত্ব দিয়া নাই কংগনাই

বিতর্ক, এফআইআৰ-ত গুৰুত্ব নিদিয়ে বলিউড অভিনেত্রী কংগনা ৰণৌতে । শিখ সম্প্রদায়ৰ বিৰুদ্ধে ‘অবমাননাকৰ’ মন্তব্যৰ পৰিপ্রেক্ষিতত তেওঁৰ বিৰুদ্ধে এফআইআৰ ৰুজু হৈছে । সামাজিক মাধ্যমত সেই সম্পৰ্কত প্রতিক্রিয়া জনাইছে বলিউড অভিনেত্রীগৰাকীয়ে ।

এফআইআৰ সম্পৰ্কত ইনষ্টাগ্রামত প’ষ্ট কৰিছে কংগনাই । স্বল্পদৈর্ঘ্যৰ ক’লা পোছাক, হাতত মদৰ গিলাচ লৈ নিজৰ এটা ছবি প’ষ্ট কৰিছে অভিনেত্রীগৰাকীয়ে । কেপছন লিখিছে, ‘আৰু এটা দিন… আৰু এটা এফআইআৰ… যদি তেওঁলোকে মোক গ্রেপ্তাৰ কৰিবলৈ আহে… ঘৰুৱাভাৱেই আছো’ । বহুতেই ধাৰণা কৰিছে, এই প’ষ্ট যথেষ্ট তাৎপর্যপূর্ণ । অভিনেত্রীগৰকীয়ে সম্ভৱত বুজাব বিচাৰিছে, আৰক্ষীৰ বহীৰ অভিযোগক তেওঁক গুৰুত্ব দিয়া নাই । এই ছবি প’ষ্ট কৰি তেওঁ সেই অভিযোগক যেন উপহাস কৰিছে ।

কংগনাই গুৰুত্ব নিদিলেও তেওঁক লক্ষ্য কৰি আক্রমণ কৰা হৈছে । শিখ সম্প্রদায়ক লৈ তেওঁৰ মন্তব্যৰ পৰিপ্রেক্ষিতত মহাৰাষ্ট্রৰ মন্ত্রী তথা এনচিপি নেতা নবাব মালিকে আজি কয়, ‘‘তেওঁ (কংগনা) জ্যেষ্ঠ নেতাসকলক অপমান কৰা অভ্যাসত পৰিণত কৰিছে । কোনো আইনৰ উৰ্ধত নহয়… ।’’

ইপিনে, ১৯৪৭ত ‘ভিক্ষা’ সংক্রান্ত মন্তব্যৰ ফলত কংগনাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল আগ্ৰাৰ ৰামশংকৰ শর্মা নামে এজন অধিবক্তাই । স্থানীয় আদালতত তেওঁৰ আবেদন, অভিনেত্রীৰ বিৰুদ্ধে ৰাষ্ট্রদ্রোহৰ গোচৰ ৰুজু কৰা হ‌ওক । এই বিষয়ত নিউ আগ্ৰা থানাত প্ৰতিবেদন দিছিল অধিবক্তাজনে । অহা কালি সেই গোচৰৰ শুনানি ।

Exit mobile version