নবিল চাপৰিৰ বালিচৰত ডেৰশ বিঘা মাটিত মগু মাহ-মাটি মাহৰ খেতি

IMG 20211126 161810

যি সময়ত ৰাজ্যৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলে কেৱল মাত্ৰ চৰকাৰী সংস্থাপনৰ আশাত বছৰ পাছত বছৰ ধৰি অপেক্ষা কৰি দিন কটাবলগীয়া হৈছে ঠিক তেনে সময়তে তৰুণ প্ৰজন্মৰ একাংশ শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে কৃষি বিজ্ঞান কেন্দ্ৰক সহযোগী হিচাপে লৈ নিবনুৱা সমস্যাৰ সমাধানৰ বাবে কৃষি কৰ্মৰ জৰিয়তে প্ৰথম প্ৰচেষ্টাতেই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ।

উল্লেখযোগ্য যে কিছু ঠাইত বছৰ বছৰ ধৰি ব্ৰহ্মপুত্ৰ বালি চাপৰিসমূহ এনেই পৰি থকালৈ লক্ষ্য কৰি এইবাৰ শোণিতপুৰ জিলাৰ বৰছলা সমষ্টিৰ অন্তৰ্গত নবিলত ব্ৰহ্মপুত্ৰৰ বালি চৰত কে’বাজনো শিক্ষিত যুৱকেৰে গঠিত জোনাক আত্মসহায়ক গোটে তেজপুৰ নপামস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ স’তে যোগাযোগ কৰি প্ৰায় ডেৰশ বিঘা বালি চৰত কৃষি বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা যোগান ধৰা উন্নত মানদণ্ডৰ মাটি মাহ আৰু মগু মাহ খেতি কৰিছিল‌ । যুৱকসকলক কৃষি বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা পৰীক্ষা মূলকভাৱে যোগান দিয়া উন্নত জাতৰ মাটি আৰু মগু মাহৰ খেতি কৰি সফলতা পাবলৈ সক্ষম হৈছে ।

আজি তেজপুৰ নপামস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ তৰফৰ পৰা এই খেতি পৰিদৰ্শন কৰিবলৈ অহা কেন্দ্ৰটোৰ শস্য ৰক্ষা বিশেষজ্ঞা সংযুক্তা শইকীয়াই উপস্থিত হৈ কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা যোগান ধৰা বীজৰ উৎপাদন সম্পৰ্কে কৃষকসকলৰ পৰা বুজ লয় । ইফালে একেটা মাটিত কি দৰে অধিক উৎপাদন কৰিব পাৰি বা মাটিৰ গুণাগুণ সম্পৰ্কে কৃষকসকলৰ স’তে মত বিনিময় কৰে ভূমি বিজ্ঞানী বিষয়া নমিতা দত্তই ।

কৃষি বিজ্ঞান কেন্দ্ৰৰ দলটোৰ স’তে সহ প্ৰকল্প বিষয়া পলাশ ঠেঙাল আৰু এপাৰ্টৰ বিষয়া পদ্ম দলেও উপস্থিত থাকি জোনাক আত্মসহায়ক গোটৰ জৰিয়তে ব্ৰহ্মপুত্ৰৰ বিশাল বালিচৰত কৃষকসকলে পৰিশ্ৰমৰ জৰিয়তে কৃষি বিজ্ঞানৰ তৰফৰ পৰা যোগান ধৰা বীজ সমূহৰ সঠিক ব্যৱহাৰ কৰি যি উৎপাদন কৰিলে ইয়াৰ দ্বাৰা আন কৃষকসকলেও উপকৃত হ’ব বুলি উল্লেখ কৰে ।

উল্লেখ্য যে, যি সময়ত কৃষি বিভাগৰ তৰফৰ পৰা যোগান ধৰা বীজৰ খেতি কৰি প্ৰায়ে কৃষকসকল ঠগ খাব লগা হয় তেনে সময়তে তেজপুৰ নপাম কৃষি বিজ্ঞান কেন্দ্ৰ তৰফৰ পৰা উন্নত জাতৰ বীজ লাভ কৰি অধিক উৎপাদন কৰিবলৈ সক্ষম হৈছে কৃষক গোটটোৱে । শেহতীয়াকৈ এই গোটটোকেই পুনৰ উন্নত জাতৰ মটৰ আৰু মচুৰ দাইলৰ বীজ যোগান ধৰিছে কৃষি বিজ্ঞান কেন্দ্ৰ তৰফৰ পৰা । শিক্ষক তৰুণ চন্দ্ৰ নাথ, স্থানীয় কৃষক ৰঞ্জিত নাথ, জয়ন্ত নাথ, নিৰেন কুৰ্মীৰ বিশেষ প্ৰচেষ্টা জৰিয়তে জিলাখনৰ কে’বাগৰাকী শিক্ষিত যুৱকৰ দ্বাৰাই যোগাত্মক দৃষ্টিভংগীৰে কৃষি কৰ্মত আত্মনিয়োগ কৰা এই সকল কৃষকৰ কৃষি কৰ্মই অঞ্চলটোত কৃষি কৰ্মৰ প্ৰতি বহুতকে আকৰ্ষিত কৰিছে ।

Exit mobile version