শালবাৰীত পিঞ্জৰাবদ্ধ মানাহৰ ভালুক, সপ্তাহজুৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছিল

ভালুকৰ আক্ৰমণত আহত কৃষক

বিগত এসপ্তাহৰ শ্বাসৰুদ্ধকাৰী পৰিৱেশৰ অৱসান ঘটাই অৱশেষত বাগসাৰ শালবাৰীত বনবিভাগৰ পিঞ্জৰাত আবদ্ধ হ’ল মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা প্ৰকাণ্ড ভালুক ৷ বাগসাৰ শালবাৰী অঞ্চলত এসপ্তাহ ধৰি মুক্ত বিচৰণেৰে ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছিল ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এই প্ৰকাণ্ড ভালুকটোৱে ৷ অৱশেষত, মানাহৰ বাঁহবাৰী ৰেঞ্জৰ অন্তৰ্গত কালপানীত বনবিভাগৰ পিঞ্জৰাত আবদ্ধ হয় ভালুকটো ৷

পিঞ্জৰাবদ্ধ ভালুকটো প্ৰত্যক্ষ কৰিবলৈ ৰাতিপুৱাৰে পৰা অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ সমাগম পৰিলক্ষিত হয় খাগ্ৰাবাৰী গাঁৱত ৷ বিগত এসপ্তাহ ধৰি শালবাৰী অঞ্চলৰ ৰাইজে হাতে হাতে লাঠি জোং লৈ দিন অতিবাহিত কৰিব লগা হোৱাৰ বিপৰীতে বন বিভাগৰ লোকৰো নিদ্ৰা হৰণ কৰি আহিছিল ভালুকটোৱে ৷ পিঞ্জৰাবদ্ধ প্ৰাপ্তবয়স্ক ভালুকটোক পৰৱৰ্তী সময়ত মানাহৰ ঘন জংঘলৰ মাজত মুকলি কৰি দিয়া হয় ৷

উল্লেখ্য যে আজি পুৱতি নিশা মানাহৰ সমীপৱৰ্তী খাগ্ৰাবাৰীৰ এটা পৰিয়ালৰ গৃহত কুকুৰা ভক্ষণ কৰি থকা অৱস্থাত ভালুকটোক প্ৰত্যক্ষ কৰিছিল গৃহস্থই ৷ গৃহস্থই কোনো ধৰণৰ হৈ-হাল্লা নকৰি নিশাই চুবুৰীয়া আৰু বন বিভাগৰ লোকৰ স’তে যোগাযোগ কৰে ৷ মানাহৰ বন বিভাগৰ লোকক খবৰ দিয়াত নিশাই ঘটনাস্থলীত উপস্থিত হয় বন বিভাগৰ লোক । বন বিভাগৰ লোকে নিশাৰ বাবে ভালুকটোক ট্ৰেংকুইলাইজ নকৰি পুৱাৰ সময়লৈ অপেক্ষা কৰে আৰু পুৱাৰ ভাগত কৌশলেৰে ভালুকটোক পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হয় ৷

ভালুকটোক বন বিভাগৰ লোক আৰু ডব্লিউ টি আইৰ চিকিৎসক দাউহাৰু বড়োৰ সহযোগত পিঞ্জৰাবদ্ধ কৰি মানাহৰ ঘন জংঘলৰ মাজত মুকলি কৰি দিয়াৰ যোজা চলায় আৰু পৰৱৰ্তী সময়ত মানাহৰ বাঁহবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া বাবুল ব্ৰহ্মৰ সহযোগত মানাহৰ এটি সজাতি দলে ভালুকটোক মানাহৰ মৰা জ্ঞাতি অঞ্চলৰ ঘন জংঘলত মুকলি কৰি দিয়ে ।

উল্লেখ্য যে ২৪ নৱেম্বৰৰ নিশা মানাহ সমীপৱৰ্তী এখন গাঁৱৰ খেতিয়ক এজনক আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰিছিল ভালুকটোৱে ৷ বন বিষয়া বাবুল ব্ৰহ্মই সদৰী কৰা মতে ইতিমধ্যে মানাহৰ পৰা ওলাই অহা পাঁচটাকৈ ভালুকক বিভিন্ন প্ৰান্তৰ পৰা আবদ্ধ কৰি মানাহৰ ঘন জংঘললৈ খেদি পঠিয়াবলৈ সক্ষম হৈছে বন বিভাগৰ লোকে ৷

Exit mobile version