মানাহৰ অতিথিশালাত কোচ ৰাজবংশী ছাত্ৰসন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা সম্পন্ন

088d2618 278c 4fe8 a54b 5bebb7b78a20

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ অতিথিশালাত আজি কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ কেন্দ্ৰীয় কমিটিৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়৷আক্ৰাছুৰ কেন্দ্ৰীয় সভাপতি-সম্পাদকৰ উপস্থিতিত সভাখনত কেবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷

সভাৰ অন্তত আক্ৰাছুৱে এক সংবাদমেল সম্বোধন কৰি আক্ৰাছুৰ ভাৰপ্ৰাপ্ত সভাপতি দ্বীপেন ৰায়ে কয় যে কোচ ৰাজবংশী সকলক জনজাতিকৰণ কৰা আৰু কমতাপুৰ ৰাজ্য গঠনৰ দাবীৰে আক্ৰাছুৰ ফালৰপৰা আন্দোলনৰ কাৰ্যসূচীও হাতত লোৱা হৈছে৷

সেইমৰ্মে অহা ২০ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ দিনটোতেই দিছপুৰ লাষ্টগেটত আক্ৰাছুৰ ফালৰপৰা জনজাতিকৰণৰ দাবীৰে তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব৷

একেদৰে সভাত লোৱা সিদ্ধান্ত অনুসৰি অহা সাত জানুৱাৰীত আক্ৰাছুৰ কেন্দ্ৰীয় ছহিদ দিৱসৰ লগত সংগতি ৰাখি সিদিনাই কোকৰাঝাৰত কেন্দ্ৰীয় প্ৰতিনিধি সভাখন অনুষ্ঠিত হ’ব৷ ৰাজনৈতিক হাতোৰাত পৰি আক্ৰাছুৰ ইতিমধ্যে কেবাটাও গোটৰ সৃষ্টি হৈছে আৰু এই গোট সমুহক একত্ৰিত কৰাৰ বাবে আজিৰ সভাই আক্ৰাছুৰ সভাপতি আৰু সম্পাদকক দ্বায়িত্ব অৰ্পণ কৰে বুলিও জানিবলৈ দিয়ে যাতে এৰাধৰাৰ মাজেৰে আক্ৰাছুক একত্ৰিত কৰি জীয়াই ৰাখিব পাৰি৷

সংবাদমেলত আক্ৰাছুৰ ভাৰপ্ৰাপ্ত সম্পাদক কেশৱ ৰায়ে কয় যে অসম চৰকাৰৰ হেমাহি আৰু গাফিলতিৰ কাৰণে আজি কোচ ৰাজবংশী সকল জনজাতিকৰণৰ পৰা বঞ্চিত হ’ব লগা হ’ল৷

জনজাতিকৰণৰ বাবে আমি ভাৰতৰ প্ৰধানমন্ত্ৰী,গৃহমন্ত্ৰী,অসমৰ মুখ্যমন্ত্ৰী আদিক স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ,কিন্তু একো ফল নধৰিলে৷অসমৰ প্ৰভাৱশালী ৰাজনীতিক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অধ্যক্ষ হিচাপে লৈ ২০১৯ চনতে এক মন্ত্ৰীগোট গঠন কৰি কোচ ৰাজবংশী সকলকৰ জনজাতিকৰণ প্ৰক্ৰিয়াটো আগুৱাই নিবলৈ কাম হাতত লৈছিল৷

ড° হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে ২০২০ চনৰ ৩০ নৱেম্বৰৰ পূৰ্বেই জনজাতিকৰণ সন্দৰ্ভত প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰৰ হাতত প্ৰদান কৰিব৷কিন্তু সেই প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতিয়েই হৈ থাকিল৷

মুখ্যমন্ত্ৰী হোৱাৰ পাছত সকলো দ্বায়িত্ব পাহৰি থাকিলে ড° হিমন্ত বিশ্ব শৰ্মাই৷নতুন চৰকাৰৰ সাত মাহ কাৰ্যকাল পাৰ হৈ যোৱাৰ পাছতো কোচ ৰাজবংশী সকলৰ জনজাতিকৰণ বিষয়টো তল পেলাই থকাত চৰকাৰৰ অৱহেলা মনোভাৱক ধিক্কাৰ দিয়ে আক্ৰাছুৰ নেতা কেশৱ ৰায়ে৷

একেদৰে যোৱা ২৪ নৱেম্বৰত বঙাইগাঁওত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকত কোচ ৰাজবংশী সকলৰ জনজাতিকৰণ সন্দৰ্ভত কোনো ধৰণৰ আলোচনা অনুষ্ঠিত নোহোৱাত ক্ষোভ প্ৰকাশ কৰি সংবাদমেলৰ জৰিয়তে চৰকাৰৰ কাৰ্যক গৰিহণা আৰু ধিক্কাৰ দিয়ে৷

সংবাদমেলত আক্ৰাছুৰ আন এগৰাকী ভাৰপ্ৰাপ্ত যুটীয়া সম্পাদক সঞ্জয় ৰায়,নেতা প্ৰদীপ তালুকদাৰ,পুলকেশ ৰায়,ধৰ্মেন্দ্ৰ বৰ্মন,নবীন বৰ্মন আদি উপস্থিত থাকে৷

Exit mobile version