৬৪ নং পাটাছাৰকুছি নিম্ন বুনিয়াদী বিদ্যালয়ৰ বাৰ্ষিক মুখ্যপত্র “গজালি” উন্মোচন

5b069e38 6627 43c0 9c79 c7df05b0c67a

“অসমীয়া মাধ্যমত তথা চৰকাৰী বিদ্যালয়ত পঢ়িও ভাল শিক্ষা গ্ৰহণ কৰিব পাৰি ৷ ইয়াৰ উদাহৰণ সুনাম থকা এইখন বিদ্যালয়খন। দেশখনৰ লগতে পৃথিৱীৰ বিভিন্ন দেশত এইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী গৈ বিভিন্ন কামত নিয়োজিত হৈ আছে ৷ ইয়াৰ পৰা বহুতো গুণী – মানী , মনীষী সৃষ্টি হৈছে।” এই মন্তব্য স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰনজিৎ কুমাৰ দাসৰ।

ইতিমধ্যে শতবৰ্ষ গৰকা তথা ১৯০১ চনত স্থাপিত ঐতিহমণ্ডিত ৬৪ নং পাটাছাৰকুছি নিম্ন বুনিয়াদী বিদ্যালয় (মডেল) ৰ স্কুল কৰ্তৃপক্ষই প্ৰথম প্ৰয়াস হিচাপে প্ৰকাশ কৰি উলিওৱা তথা বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ আমিনুল হক আৰু শিক্ষয়িত্ৰী চুমি মেধি তালুকদাৰৰ দ্বাৰা সম্পাদিত বিদ্যালয়খনৰ বাৰ্ষিক মুখ্যপত্র “গজালি”ৰ প্ৰথমটো সংখ্য (২০২০-২১ বৰ্ষ) আজি উন্মোচন কৰি দিয়া ভষণত মন্ত্ৰী গৰাকীয়ে আৰু কয় যে ,” বিদ্যালয়ত মুখপত্ৰ প্ৰকাশ কৰাটো ভাল কাম ৷ বিদ্যালয়ৰ মুখপত্ৰৰ দ্বাৰা ছাত্ৰ – ছাত্ৰীৰ মনত সাহিত্যৰ প্ৰতি উৎসাহ বঢ়ায় ৷ প্ৰাথমিক বিদ্যালয়ৰ মুখপত্ৰ প্ৰকাশ কৰাটো মই দেখা নাই ৷ সম্ভৱতঃ অসমত প্ৰাথমিক বিদ্যালয়ত মুখপত্ৰ প্ৰকাশ কৰা এইখনেই প্ৰথম।”

বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ উপদেষ্টা মুনীন্দ্ৰ নাৰায়ন গোস্বামীৰ সভাপতিত্বত বহা এই উন্মোচনী সভাত বজালী জিলাৰ উপাযুক্ত তথা বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ভাৰত ভূষণ দেৱ চৌধুৰী আৰু বৰপেটা জিলাৰ উপাযুক্ত তেজপ্ৰসাদ ভূষালে বিশিষ্ট আলহী হিচাপে উপস্থিত থাকি ভাষণ দিয়ে।

সভাত আন কে’বাগৰাকী বিশিষ্ট ব্যক্তিযে অতিথি হিচাপে উপস্থিত থাকে। বিদ্যালয়খনৰ কণ কণ ছাত্ৰ ছাত্ৰীয়ে এটি সমবেত সংগীত পৰিবেশনেৰে আৰম্ভ কৰা এই সভাখনত বিদ্যালয়খনৰ সভাপতি তীৰ্থেশ্বৰ শৰ্মাই আদৰণি ভাষণ, আমিনুল হকে উদ্দেশ্য বাখ্যা, নিতুল শৰ্মাই বিদ্যালয়খনৰ ওপৰত চমু আলোকপাত, সঞ্জয় শৰ্মাই সম্বৰ্ধনা অনুষ্ঠান আৰু বিৰাজ কলিতাই শলাগৰ শৰাই আগবঢ়ায়।

উল্লেখ যে বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ আমিনুল হক আৰু শিক্ষয়িত্ৰী চুমি মেধি তালুকদাৰৰ দ্বাৰা সম্পাদিত এই বাৰ্ষিক মুখ্যপত্রখনৰ মুখ্য উপদেষ্টা, তত্বাৱধায়ক, সভানেত্ৰী আৰু উপ সভাপতি হিচাপে আছে ক্ৰমে মুনীন্দ্ৰ নাৰায়ন গোস্বামী, বিদ্যালয়খনৰ প্ৰধান শিক্ষক সমীন্দ্ৰ চৌধুৰী, শিক্ষয়িত্ৰী মুনমী কলিতা আৰু বিৰাজ কলিতাই।

Exit mobile version