গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংবিধান দিৱস পালন

GU380

গুৱাহাটী বিশ্ববিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আঁচনি কোষ আৰু কর্মশ্রী হিতেশ্বৰ শইকীয়া কলেজ এন এছ এছ গোটৰ যৌথ সহযোগত ২৬ নৱেম্বৰ তাৰিখে ৱেবিনাৰৰ মাধ্যমত সংবিধান দিৱস উদযাপন কৰা হয় ।

ৱেবিনাৰৰ আৰম্ভণিতে অতিথি আৰু অংশগ্রহণকাৰীক আদৰণি জনাই হিতেশ্বৰ শইকীয়া কলেজৰ অধ্যক্ষ ড. শিখামনি কোঁৱৰে সংবিধান দিৱসৰ সংক্ষিপ্ত ভূমিকা আৰু উদ্দেশ্য দাঙি ধৰে।

ৱেবিনাৰখন উদ্বোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক তথা এন এছ এছৰ কাৰ্য্যসূচী সমন্বয়ক ড. ৰঞ্জন কুমাৰ কাকতিয়ে ,তেওঁ ভাৰতীয় সংবিধান সম্পর্কে বহুতো নির্দিষ্ট বিষয় তুলি ধৰে।

ডাঃ কাকতিয়ে স্বেচ্ছাসেৱক সকলক সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰাই অংশগ্রহণকাৰীসকলৰ উদ্দেশ্যি কয় যে, আমাৰ সংবিধান সম্পর্কে কিছু প্রাথমিক ধাৰণা জ্ঞাত থকাটো অতি গুৰুত্বপূৰ্ণ যি আমাৰ দৈনন্দিন জীৱনত প্ৰভাৱ পৰে ।

বেবিনাৰখনত মুখ্য বক্তা হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ ডীন প্ৰফেছৰ স্তুতি ডেকা,তেওঁ ভাৰতেৰ সংবিধানেৰ ওপৰত মূল্যবান বক্তৃতাৰে তেওঁ ভাৰতীয় সংবিধানৰ উদ্দেশ্য আৰু দর্শনৰ বিষয়টোৰ ওপৰত বর্ণনা কৰে ।

অধ্যাপক ডেকাই কয় যে , ভাৰতীয় সংবিধান প্রকৃতিত গণতান্ত্রিক গণৰাজ্য আৰু প্রত্যেক নাগৰিকেই ভাৰতীয় সংবিধানৰ প্রাথমিক জ্ঞান সম্পর্কে সচেতন হোৱা দৰকাৰ। শেষত শলাগৰ শৰাই আগবঢ়ায় হিতেশ্বৰ শইকীয়া কলেজৰ দৰ্শন বিভাগৰ মুৰব্বী অধ্যাপক তথা এন এছ এছৰ কাৰ্যসূচী বিষয়া ডঃ নুৰুল ইছলামে ।

ৱেবিনাৰখনত এনএসএস স্বেচ্ছাসেবক, কাৰ্য্যসূচী বিষয়া আৰু বিভিন্ন প্ৰতিষ্ঠানৰ পৰা প্ৰায় ১০০ জনে অংশগ্ৰহণ কৰে ।

Exit mobile version