Omicron:দক্ষিণ আফ্ৰিকাৰ পৰা নেদাৰলেণ্ডছলৈ অহা বহু যাত্ৰী ক’ভিড আক্ৰান্ত,’অমিক্ৰন’নহয়টো !

1637999605 amsterdum airport

কৰ’না ভাইৰাছৰ নতুন ৰূপ, ‘অমিক্ৰন’ক লৈ এতিয়া চিন্তিত বিশ্ব স্বাস্থ্য সংস্থা(হু) ইয়াৰ মাজতে আমষ্টাৰডামৰ শিফল বিমানবন্দৰত ১২ জন যাত্ৰীক ক’ভিডত আক্ৰান্ত বুলি চিনাক্ত কৰিলে ডাচ স্বাস্থ্য বিভাগে ।

তথ্য অনুসৰি আক্ৰান্তসকল প্ৰত্যেকেই দক্ষিণ আফ্ৰিকাৰ পৰা আহিছে । কৰ’না ভাইৰাছত আক্ৰান্তসকল ক’ভিডৰ নতুন ৰূপ ‘অমিক্ৰন’ত আক্ৰান্ত নেকি জানিবলৈ পৰৱৰ্তী পৰীক্ষা কৰা হৈছে ।

শুক্ৰবাৰে প্ৰায় ৬০০ যাত্ৰীয়ে দুখন বিমানত শিফোল বিমানবন্দৰত অৱতৰণ কৰিছিল। তেওঁলোকৰ প্ৰত্যেকেই কৰ’না পৰীক্ষা কৰা হৈছে। ইয়াৰ ভিতৰত, ৮৫ জনক ক’ভিড আক্ৰান্ত হিচাপে চিনাক্ত কৰা হৈছে।

ডাচ স্বাস্থ্য মন্ত্ৰালয়ে কয়, “যিসকল পৰ্যটক ক’ভিড পজিটিভ তেওঁলোকক শিফোল বিমানবন্দৰৰ ওচৰৰ এখন হোটেললৈ প্ৰেৰণ কৰা হৈছে। ”

ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকাৰ পৰা সকলো বিমান সেৱা নিষিদ্ধ কৰিছিল ডাচ প্ৰশাসনে । এজন স্বাস্থ্য বিষয়াই কয় যে যিসকলে বিমানখনলৈ ৰাওনা হৈছিল তেওঁলোকে বিমানবন্দৰত অৱতৰণ কৰাৰ পাছত স্বাস্থ্য পৰীক্ষা কৰাব।

ক’ভিড সংক্ৰমণ বৃদ্ধি হোৱাৰ বাবে ইতিমধ্যে সংগ্রাম কৰি আছে ডাচ প্ৰশাসনে ।শুকুৰবাৰৰ পৰা নিশা বাৰ, ৰেষ্টুৰেণ্ট আৰু দোকানসমূহ বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে।

Exit mobile version