চিপৰ যোগান সংকটে দিশহাৰা কৰিছে স্মাৰ্টফোনৰ বজাৰত

image 1

নতুন স্মার্টফোন ক্রয় কৰাৰ পৰিকল্পনা কৰি আছে যদি আপােনাৰ বাবে আছে এটা বেয়া খবৰ। ম’বাইল ফোনৰ চিপসহ অন্যান্য যন্ত্রাংশৰ অভাৱৰ বাবে সম্প্রতি বজাৰৰ আগশাৰীৰ অট’মােবাইল কোম্পানীবােৰ সমস্যাত পৰিছে।

এইসমূহ কোম্পানীয়ে বজাৰত প্ৰচুৰ চাহিদা থকাৰ পাছতাে কেঁচামালৰ অভাৱত সম্প্রতি প্রয়ােজন অনুপাতে হেণ্ডছেট উৎপাদন কৰিব পৰা নাই। যাৰ ফলত বজাৰত বহুকেইটা চাহিদাপূর্ণ মডেলৰ উপলব্ধতা নামমাত্ৰহে বাকী ৰৈছেগৈ।

কিছুমান কোম্পানীৰ হেণ্ডছেট উৎপাদন পূর্বৰ তুলনাত আধাতকৈও বেছি হ্রাস পাইছে। ফলস্বৰূপে কোম্পানীসমূহৰ ব্যৱসায় বৃহৎ লােশ্চানৰ সন্মুখীন হৈছে। জনপ্রিয় ছাওমি, ছেমছুং, এপল আৰু ৰিয়েলমিৰ কেতবােৰ মডেল এতিয়া ৰিটেইল বা অনলাইনত উপলব্ধ নহয়।

কোম্পানীসমূহে লােকচানৰ পৰা হাত সাৰিবলৈ এতিয়া ছেগা-চোৰকাকৈ যিসমূহ মডেল বজাৰলৈ আহিছে সেইসমূহ স্মার্টফোনৰ দাম বৃদ্ধিৰ পৰিকল্পনা কৰিছে।

স্মর্তব্য, এই বছৰৰ উৎসৱৰ বতৰতাে ব্ৰেণ্ডবােৰে গ্ৰাহকসকলৰ প্রয়ােজনীয়তাৰ মােকাবিলা কৰি বৰ কষ্টৰে বজাৰত স্মার্টফোন মজুত ৰাখিছিল। দেৱালীৰ পাছত বজাৰত স্মার্টফোনৰ চাহিদা প্রায় ৩০ৰ পৰা ৪০ শতাংশ হ্রাস পাইছে।

কিন্তু চিপৰ যােগান পর্যাপ্ত নােহােৱাত কোম্পানীবােৰে এতিয়া বাকী থকা নাম মাত্র চাহিদা পূৰণ কৰাতাে ব্যর্থ হৈছে। মাত্র ২০ৰ পৰা ৩০ শতাংশ গ্রাহকেহে তেওঁলােকৰ পছন্দৰ স্মার্টফোনটো ক্ৰয় কৰিবলৈ সক্ষম হৈছে।

অর্থাৎ চাহিদাৰ তুলনাত যােগান অতি কম। বিশ্লেষকসকলৰ মতে, সকলাে জনপ্রিয় ব্ৰেণ্ডৰ ব্যৱসায় এইদৰে অব্যাহত থাকিলে আগন্তুক ত্রিমাসিকটোত এক বৃহৎ প্রত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে ভাৰতৰ স্মার্টফোনৰ বজাৰখনে।

বিশ্বব্যাপী চিপৰ অভাৱৰ বাবে কোম্পানীবােৰে যি সমস্যাৰ সন্মুখীন হৈছে সেয়া কেতিয়াকৈ স্বাভাৱিক হ’ব তাক কোনেও সঠিককৈ ক’ব নােৱাৰে। কিন্তু বহুতৰ মতে, জনপ্রিয় স্মার্টফোনৰ চাহিদা অনুসৰি যােগানৰ এই অভাৱ এই বছৰৰ শেষলৈকে অব্যাহত থাকিব পাৰে।

বজাৰৰ শেহতীয়া তথ্য মতে, বর্তমানে ছাওমিৰ ৰেডমি নােট ১০ প্র’, ৰেডমি নােট ১০ প্র’ মেক্স, ৰেডমি ১০ প্রাইম, ৰেডমি নােট ১০টি ৫জি আৰু এমআই ১০ আই স্মার্টফোন মডেলকেইটাৰ যােগান প্রায় বন্ধ হৈ পৰিছে।

বিভিন্ন ই-বাণিজ্যিক প্লেটফর্মতাে চাহিদা অনুসৰি যােগানৰ অভাৱ হৈছে এইকেইটা মডেলৰ। আনহাতে ছেমছুঙৰ এম আৰু এছ। শৃংখলাৰ স্মার্টফোনবােৰৰ উপলব্ধতা কমিছে বজাৰত। ইয়াৰ বাহিৰেও, এপল আইফোন ১১, আইফোন ১২ আৰু আইফোন ১৩ প্র’ শৃংখলা এতিয়া ফ্লিপকার্টত একেবাৰে উপলব্ধ নহয়।

Exit mobile version