যুৱ পৰিষদৰ কেন্দ্ৰীয় সভা পৌৰ নিৰ্বাচনৰ প্ৰস্তুতি আৰু সংগঠন সম্পৰ্কত আলোচনা

261643860 2029091017258644 7219477140106403974 n

অসম যুৱ পৰিষদৰ এখনি গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সভা আজি আমবাৰী কাৰ্য্যালয়ত সভাপতি জিতু বৰগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত হয়।

সভাৰ পূৰ্বে গুৱাহাটী আৰু তেজপুৰৰ দুই শতাধিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সদস্য, কংগ্ৰেছ, জাতীয় পৰিষদ আৰু এ আই ইউ ডি এফৰ বিষয়ববীয়া অসম গণ পৰিষদ দলত যোগদান কৰে।

যোগদানকাৰীসকলক আদৰণি জনাই দলৰ সাধাৰণ সম্পাদক মনোজ শইকীয়াই নিষ্ঠা আৰু সততাৰে দলৰ জৰিয়তে অসমৰ স্বাৰ্থতে আত্মনিয়োগ কৰিবলৈ আহ্বান জনায়।

কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সভাত আগন্তুক পৌৰ সভা আৰু পৌৰ নিগমৰ নিৰ্বাচন, শ্বহীদ দিৱস আদিৰ লগতে সংগঠন অধিক সম্প্ৰসাৰিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

সভাই জানুৱাৰী মাহত গুৱাহাটীত দুদিনীয়াকৈ এখনি ৰাজনৈতিক কৰ্মশালা অনুষ্ঠিত কৰিবলৈ আৰু অহা তিনি মাহৰ বাবে এখনি ‘সাংগঠনিক কৰ্মসূচী’ গ্ৰহণ কৰে।

সভাত দলৰ উপ-সভাপতি সুনীল ডেকা, সুনীল ৰাজকোৱঁৰ. প্ৰচাৰ সম্পাদক তপন দাসৰ লগতে সকলো কেন্দ্ৰীয় বিষয়ববীয়া আৰু সদস্য উপস্থিত থাকে।

Exit mobile version