ব্ৰিটেইনত ‘হাই এলাৰ্ট’ : দক্ষিণ আফ্ৰিকাত তলাবন্ধৰ বিৰোধিতা

virus outbreak britain 7f998a56 33c7 11eb a095 f4dd1fe9b7fb

দক্ষিণ আফ্রিকাত কৰ’নাৰ সবাতােকৈ দ্রুত সংক্রমণ হােৱা অমিক্রন প্রজাতি ধৰা পৰাৰ পাছত বিশ্বজুৰি সতর্কতা জাৰি কৰা হৈছে। ব্রিটেইনৰ প্ৰধানমন্ত্রী বৰিছ জনছনে দেশখনত ‘হাই এলার্ট জাৰি কৰি একাধিক ক’ভিড বিধি পুনৰ প্ৰৱৰ্তন কৰিলে।

এতিয়াৰে পৰা ব্রিটেইনৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থা আৰু দোকান-বজাৰত সকলাে লােকে মাস্ক পৰিধান কৰিব লাগিব। ব্রিটিছ প্রধানমন্ত্রীয়ে ঘােষণা কৰা অনুসৰি বিদেশৰ পৰা ব্রিটেইনলৈ অহা সকলাে যাত্ৰীয়ে বিমানকোঠত আৰ টি-পি চি আৰ পৰীক্ষা কৰাব লাগিব।

যাত্রীসকলৰ ক’ভিড পৰীক্ষণৰ ফলাফল অহালৈকে কোৱাৰেণ্টাইনত ৰখা হ’ব বুলিও জনছনে ঘােষণা কৰিছে। ইফালে, দক্ষিণ আফ্রিকাত অর্মিক্রন প্ৰজাতিৰ সংক্ৰমণক লৈ জটিল পৰিস্থিতিৰ উদ্ভৱ হৈছে।

বিশ্বৰ বহু দেশে ইতিমধ্যে দক্ষিণ আফ্রিকাৰ স’তে যােগাযােগ বিচ্ছিন্ন কৰাত দেশখনৰ পর্যটন আৰু সুৰা উদ্যোগৰ ক্ষতি হৈছে।

ক’ভিডৰ নতুন সংক্ৰমণৰ ফলত দক্ষিণ আফ্রিকাত পুনৰ কঠোৰ তলাবন্ধ ঘােষণা কৰা হ’ব পাৰে বুলি শংকা প্রকাশ কৰি পৰ্যটন উদ্যোগৰ স’তে জড়িত লােকসকলে তলাবন্ধৰ বিৰােধিতা কৰিছে।

এই সন্দৰ্ভত সিদ্ধান্ত গ্রহণৰ পূর্বে চৰকাৰক পৰ্যটন উদ্যোগৰ স’তে জড়িত সংগঠনৰ পৰামৰ্শ ল’বলৈকো দাবী উত্থাপিত হৈছে।

Exit mobile version