বৰপেটা চহৰত হাতীৰ মুক্ত বিচৰন

6a69b221 dcc2 4d18 851b a8b655c5304c

বৰপেটা চহৰৰ বিভিন্ন স্থানত যোৱা নিশাৰ পৰা দুটাকৈ হাতীয়ে কৰিছে মুক্ত বিচৰণ ৷ বন বিভাগৰ সন্দেহ হাতী দুটা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহিছে ।

হাতীদুটাৰ মুক্ত বিচৰণক লৈ এতিয়া বৰপেটা চহৰবাসীৰ মাজত সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ ৷বৰ্তমান হাতী দুটাই বৰপেটা চহৰৰ বাণী চাৰ্ভিচৰ সন্মুখৰ মৰানদীৰ পাৰত অৱস্থান কৰি আছে ৷

উক্ত স্থানত ইতিমধ্যে বন বিভাগৰ লোক উপস্থিত হৈ হাতী দুটা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ পঠোৱাৰ বাবে উদ্যান কতৃপক্ষৰ স’তে যোগাযোগ চলাইছে ৷

ইফালে , মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বৰপেটা চহৰৰ দূৰত্ব প্ৰায় ৫০ কিলোমিটাৰ ৷কিন্তু মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা দুটাকৈ হাতী ইমান দুৰলৈ কেনেকৈ ওলাই আহিল তাক লৈ এতিয়া সৃষ্টি হৈছে প্ৰশ্নৰ।

Exit mobile version