যোৰহাটত হত্যাৰ বলি হোৱা অনিমেষ ভূঞাৰ বাসগৃহত শোকাকুল পৰিৱেশ

যোৰহাটত একাংশ উন্মুক্ত লোকৰ গণ প্ৰহাৰত মৃত্যু সদৌ অসম ছাত্ৰ সন্থা গোলাঘাট জিলা ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক অনিমেষ ভূঞাৰ ।

কেইজনমান যুৱকে গুৰুলা-গুৰুল কৈ প্ৰহাৰ কৰে এজন যুৱকক ।

ঘটনা স্থলীত যোৰহাট আৰক্ষী উপস্থিত হৈ আঘাতপ্ৰাপ্ত যুৱকজনক সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰাই যদিও চিকিৎসকে অনিমেষক মৃত বুলি ঘোষণা কৰে ।

উক্ত ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় । আনহাতে, এই সমগ্ৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ব্ৰহ্মপুত্ৰবাসীয়ে । অমায়িক যুৱকজনৰ হত্যাকাৰীসকলক অনতিপলমে চিনাক্ত কৰি অসম আৰক্ষীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী কৰিছে তেওঁৰ পৰিয়ালবৰ্গই ।

Exit mobile version