১০০দিনত ডেল্টাৰ যিমান সংক্ৰমণ হৈছিল,১৫দিনতে ততোধিক সংক্ৰমণ অমিক্ৰনৰ

3edhl1f4 coronavirus

শেহতীয়াভাৱে চিনাক্ত হােৱা কৰ’নাৰ নতুন প্রজাতি অমিক্রনৰ সন্দৰ্ভত চাঞ্চল্যকৰ তথ্য প্রকাশ কৰিলে বিশ্ব স্বাস্থ্য সংস্থা (হু)ই।

সম্প্রতি দক্ষিণ আফ্রিকাৰ তিনিখন প্ৰদেশত দৈনিক যিমানসংখ্যক কৰ’না ৰােগীক চিনাক্ত কৰা হৈছে, সেইসকলৰ ৯০ শতাংশই হৈছে অমিক্রন অর্থাৎ বি.১.১.৫২৯ প্রজাতিৰ দ্বাৰা আক্রান্ত।

১৫ দিন পূর্বে আফ্রিকাৰ এই তিনি প্রদেশত অমিক্রনত আক্ৰান্তৰ সংখ্যা আছিল মাত্র এক শতাংশ। ক’ভিডৰ এই নতুন ভাইৰাছৰ দ্রুত সংক্রমণ বৃদ্ধিয়ে চিকিৎসক-গৱেষকসকলক চিন্তিত কৰি তুলিছে।

৩২ বাৰকৈ ৰূপ সলনি কৰি আবিৰ্ভাৱ হােৱা অমিক্রনে ডেল্টাতকৈ সাতগুণ অধিক দ্রুতগতিৰে সংক্রমণ বৃদ্ধি কৰিছে।

ডেল্টা প্ৰজাতিৰ ভাইৰাছৰ ১০০ দিনত যিমান সংক্রমণ হৈছিল অমিক্রনে মাত্র ১৫ দিনতে তাতােকৈ অধিক লােকক আক্রান্ত কৰিছে।

Exit mobile version