First image of Omicron : অ’মিক্রনৰ প্রথম ছবি ! ডেল্টাতকৈ অধিক মিউটেছন নতুন ৰূপত, দাবী বিজ্ঞানীৰ

covid new strain name omicron cases 1638006708

কৰ’না ভাইৰাছৰ ডেল্টা ৰূপতকৈ বহু বেছি মিউটেছন ঘটায় নতুন ৰূপ অ’মিক্রনে । সম্প্রতি দক্ষিণ আফ্রিকাত সন্ধান পোৱা এই ৰূপৰ প্রথম ছবি প্রকাশ কৰি এইদৰে দাবী কৰিছে ৰোমৰ বেমবিনো গেছু হাস্পাতালে ।

দেওবাৰে প্ৰায় মানচিত্রৰ সদৃশ এটা ত্রি-মাত্ৰিক ছবি প্রকাশিত হৈছে‌ । ৰোমান হাস্পাতালৰ গৱেষকসকলে বিবৃতি দি জনাইছে, ‘ডেল্টাতকৈ বহু বেছি মিউটেছন ঘটাইছে নতুন অ’মিক্রন ৰূপে, সেয়া স্পষ্টভাৱে দেখিবলৈ পোৱা গৈছে । ডেল্টাৰ তুলনাত স্পাইক প্র’টিন (ইয়াৰ মাধ্যমত ভাইৰাছ মানৱ দেহত প্রৱেশ কৰে) এই নতুন ৰূপৰ সমাহাৰত বহু বেছি । লগতে গৱেষকসকলে এইটোও জনাইছে, ‘ইয়াৰ অর্থ এইটো নহয়, যে এই ৰূপ অন্যতকৈ বহু বেছি ভয়ংকৰ । বৰঞ্চ সম্প্ৰতি এইটোৱে ধাৰণা কৰা উচিত, মানৱ দেহত সংক্রমণ ঘটাবৰ বাবে ভাইৰাছে আৰু এটা ৰূপ লৈছে মাত্র ।’ এই ৰূপৰ মাৰন ক্ষমতা কম নে বেছি, সেই সম্পর্কত নিশ্চিত হ’বলৈ ভবিষ্যতৰ গৱেষণাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব ।

মিলান ষ্টেট ইউনিভার্চিটিৰ ক্লিনিকেল মাইক্র’বায়’লজি বিভাগৰ অধ্যাপক তথা বেমবিনো গেছুৰ অন্যতম গৱেষক ক্লদিয়া আলটেৰিয়ে কয়, ‘‘আমাৰ লক্ষ্য আছিল মিউটেছনৰ পৰিমাণ নির্ধাৰণ কৰা । সেয়া সফলভাৱে কৰিব পাৰিছো । তাৰ পাছতেই স্পাইক প্র’টিনৰ ত্রি-মাত্ৰিক ছবি প্রকাশ্যত অনা হৈছে । যাতে নতুন ৰূপৰ গতি-বিধিৰ ওপৰত পৰ্যবেক্ষণ কৰিব পাৰি ।’’

ক্লদিয়াই আৰু কয়, ‘‘এই ৰূপ অধিক ভয়ংকৰ হয় নে নহয়, সেয়া জানিবৰ বাবে আমি গৱেষণা কৰা নাই । কেৱল স্পাইক প্র’টিনত এই ৰূপৰ অস্তিত্ব নিশ্চিত কৰাৰ লগতে ডেল্টা ৰূপৰ তুলনাত নতুন ৰূপ (এই ক্ষেত্রত অ’মিক্রন) কিমান বেছি বা কম মিউটেছন ঘটাইছে, সেয়া চাব বিচাৰিছিলো । আমি আমাৰ কাৰ্যত সফল । এই ৰূপৰ ভয়াবহতা নির্ণয়ৰ ভাৰ আগৰ জনৰ হাতত ।’’

Exit mobile version