Health Ministry : অ’মিক্রন : আন্তর্জাতিক বিমানযাত্রীৰ বাবে সংশোধিত নির্দেশনা জাৰি কৰিলে কেন্দ্র‌ই

omicron covid scare

ভাৰতলৈ অহা আন্তর্জাতিক বিমানযাত্রীসকলৰ বাবে সংশোধিত নির্দেশনা জাৰি কৰিলে কেন্দ্রীয় স্বাস্থ্যমন্ত্রণালয়ে । এক ডিচেম্বৰ নিশা ১২ বজাৰ পৰা এই নির্দেশনা কার্যকৰী হ’ব বুলি জনোৱা হৈছে ।

নির্দেশনা অনুযায়ী, অ’মিক্রন সংক্রমণৰ নিৰিখত ‘শংকাত থকা দেশসমূহৰ’ পৰা অহা যাত্রীসকলে বিমানবন্দৰত নমাৰ লগে লগে ক’ভিড পৰীক্ষণ কৰোৱা বাধ্যতামূলক । এই পৰীক্ষাত পজিটিভ ধৰা পৰিলে তেওঁ কোৱাৰেণ্টাইনত থাকিব লাগিব । নিয়ম অনুযায়ী তেওঁৰ চিকিৎসা চলিব । নমুনাত জিনৰ সজ্জাৰীতিও পৰীক্ষা কৰা হ’ব । বিমানত উঠাৰ ৭২ ঘণ্টা আগতে ক’ভিড পৰীক্ষা কৰালেও, ভাৰতত নমাৰ পাছতো পৰীক্ষা কৰা হ’ব ।

যিসকল যাত্রীৰ পৰীক্ষাৰ ফল নিগেটিভ হ’ব তেওঁলোকেও সাত দিন কোৱাৰেণ্টাইনত থাকিব লাগিব । আঠ দিনৰ পাছত তেওঁলোকৰ পুনৰ ক’ভিড পৰীক্ষা কৰা হ’ব । শংকাৰ বাহিৰত থকা দেশসমূহৰ পৰা বিমানত অহা যাত্রীসকলৰ পাঁচ শতাংশক টেষ্ট কৰা হ’ব ।

স্বাস্থ্যমন্ত্রণালয় যুক্তৰাজ্য, দক্ষিণ আফ্রিকা, ব্রাজিল, বাংলাদেশ, বৎছোয়ানা, চীন, মৰিছাছ, নিউজিলেণ্ড, জিম্বাবোৱে, ছিংগাপুৰ, হংকং, ইজৰাইলক ‘সংকটাপন্ন দেশ’ হিচাপে চিহ্নিত কৰা হৈছে । অ’মিক্রনক লৈ বিশ্ব স্বাস্থ্য সংস্থা (হু)ৱে উদ্বেগ প্রকাশ কৰাৰ পাছতেই কেন্দ্রীয় স্বাস্থ্যমন্ত্রণালয়ে আন্তর্জাতিক বিমানযাত্রীসকলৰ বাবে এই নির্দেশনা জাৰি কৰিছে ।

Exit mobile version