ঘৰ পৰিষ্কাৰ কৰোতে ২০ কোটি টকীয়া হীৰাৰ সন্ধান লাভ কৰিলে মহিলাই

https specials images.forbesimg.com imageserve 60643a612c6235f001cc2f00 Diamond close

ইয়াকে কয় কপাল ! এগৰাকী বৃদ্ধাই নিজৰ ঘৰ পৰিষ্কাৰ কৰাৰ সময়ত সন্ধান লাভ কৰিলে এটুকুৰা হীৰাৰ। ৭০ বছৰীয়া মহিলাগৰাকীয়ে ঘৰ পৰিষ্কাৰ কৰি থকাৰ সময়তে হীৰা এটুকুৰা লাভ কৰে ।

অৱশ্যে প্রথমে তেওঁ হীৰা চিনিব নােৱাৰি দলিয়াই পেলাই দিবলৈ ধৰিছিল । বি বি চিৰ বাতৰি অনুসৰি, এই ঘটনা সংঘটিত হ’ল উত্তৰ পূৱ-ইংলণ্ডৰ নৰ্দাৰলেণ্ডত ।

বৃদ্ধাই ঘৰ চাফাৰ কামত ব্যস্ত হৈ থকাৰ সময়তে হঠাতে এটুকুৰা উজ্বল ধাতু লাভ কৰে । প্ৰথমতে তেওঁ ইয়াক হীৰা বুলি ভবা নাছিল আৰু পুৰণি কিবা ধাতু বুলি ভাবি দলিয়াই পেলাব লৈছিল কিন্তু পেলাই নিদি টেবুলত ৰাখি থয় ।

পাছত অলংকাৰ ব্যৱসায়ীক ধাতু টুকুৰা চিনাক্ত কৰিব দিয়াত জানিব পাৰে যে তেওঁ লাভ কৰা এই ধাতু আচলতে ২০ কোটিটকীয়া মূল্যৰ এটুকুৰা হীৰাহে ।

সেয়া আছিল ৩৮ কেৰেটৰ খাঁটি হীৰা। কিন্তু কেতিয়া এই টুকুৰা হীৰা তেওঁ ক্ৰয় কৰিছিল ? কেনেকৈ হীৰ টুকুৰা তেওঁৰ ঘৰলৈ আহিছিল ? হীৰা টুকুৰাৰ কথা তেওঁ কেনেকৈ পাহৰি গ’ল ?

আচলতে বহু বছৰ পূর্বে কাৰ বুট ছেল’ৰ পৰা কিছুমান পুৰণি সা-সামগ্রী বৃদ্ধাই ক্ৰয় কৰিছিল আৰু ইয়াৰ মাজত উক্ত হীৰা ডডাখৰৰ আছিল। কিন্তু সেই টুকুৰা আচল হীৰা বুলি তেওঁ তেতিয়া ভবা নাছিল, কিয়নাে কাৰ বুট ছেল’ত সাধাৰণতে পুৰণি অলাগতিয়াল সা-সামগ্রী বিক্ৰী কৰা হয় ।

এনে অনুষ্ঠানত কোনেও দামী সামগ্রী-সাধাৰণতে বিক্ৰী নকৰে। সেয়েহে বহু বছৰ পূর্বে সেই হীৰা ডােখৰ ক্ৰয় কৰােতে বৃদ্ধাই ইয়াক সঁচা হীৰা বুলি ভবা নাছিল ।

ইমানদিনে বৃদ্ধাই এটা বেগত অন্যান্য কম দামী গহণাৰ স’তে হীৰা টুকুৰাও ৰাখিছিল । কিন্তু ঘৰ চাফা কৰাৰ সময়ত এই বেগটো খুলি হীৰা টুকুৰা দেখি বৃদ্ধা আচৰিত হৈছিল সন্দেহ হােৱাত তেওঁ অলংকাৰ বিক্রেতাৰ কাষলৈ যায় আৰু হীৰা-টুকুৰা পৰীক্ষা কৰিবলৈ দিয়ে ।

এতিয়া এই টুকুৰা হীৰা এজন নিলামকর্তাই বিক্ৰী কৰিব। মার্ক লেন নামৰ উক্ত নিলামকর্তাই টুইটাৰত এই সমস্ত ঘটনাৰ কথা প্রকাশ কৰিছে । অহা ৩০ নৱেম্বৰত নিলামত বিক্ৰী কৰা হ’ব হীৰা টুকুৰা। ইয়াৰ নাম ৰখা হৈছে ‘ছিক্রেট উ’ন । হীৰাৰ গৰাকীয়ে অৱশ্যে তেওঁৰ নাম ৰাজ কৰিব বিচৰা নাই ।

Exit mobile version