ব্ৰিটেইনত ১৮ ঊৰ্ধ্বৰ বয়সৰ লোকক দিয়া হ’ব ক’ভিডৰ বুষ্টাৰ প্ৰতিষেধক

116610745 mediaitem116610743

কৰ’নাৰ নতুন প্ৰজাতি অ’মিক্ৰনৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ব্ৰিটেইনত চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে । দেশখনে ইতিমধ্যে এই নতুন ভাইৰাছত আক্ৰান্ত দেশৰ স’তে বিমান যোগাযোগ বন্ধ ঘোষণা কৰিছে ।

তদুপৰি ৰাজহুৱা স্থান আৰু পৰিবহণ ব্যৱস্থাত ভাস্কৰ পৰিধান বাধ্যতামূলক কৰা হৈছে । ক’ভিডৰ পৰীক্ষণ ব্যাপক কৰিবলৈকো ব্ৰিটেইনৰ স্বাস্থ্য বিভাগে অভিযান অব্যাহত ৰাখিছে । অ’মিক্ৰনৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ ব্ৰিটিছ স্বাস্থ্য বিভাগে দেশখনৰ সকলো ১৮ ঊৰ্ধ্বৰ বয়সৰ লোকক ক’ভিডৰ বুষ্টাৰ প্ৰতিষেধক প্ৰদানৰ সিদ্ধান্ত লৈছে ।

বৰ্তমানলৈকে দেশখনৰ ৪০ ঊৰ্ধ্বৰ বয়সৰ লোকক বুষ্টাৰ প্ৰতিষেধক প্ৰদান কৰা হৈছে । ব্ৰিটেইনত বৰ্তমানলৈকে ১.৮ কোটি নাগৰিকে ক’ভিডৰ বুষ্টাৰ প্ৰতিষেধক লাভ কৰিলে ।

Exit mobile version