যোৰহাটত অনিমেষ ভূঞাৰ হত্যাকাণ্ডক গৰিহণা জনাই অসম প্ৰদেশ কংগ্রেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাৰ প্ৰতিক্ৰিয়া

যোৱাকালি যোৰহাটৰ মাজ মজিয়াত গোলাঘাটৰ ছাত্ৰ নেতা অনিমেষ ভূঞাক একাংশ দুস্কৃতিকাৰী লোকে বৰ্বৰ ভাৱে হত্যা কৰা জঘন্য ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে প্ৰদেশ কংগ্রেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই।

তেওঁ কয় ৰাজ্যখনত আইন শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত অসম চৰকাৰ ব্যৰ্থ হৈছে, যাৰ বাবে দৈনন্দিন ভাৱে আইন শৃংখলা জনীত পৰিস্হিতিৰ সৃষ্টি হৈছে আৰু অসাধু লোকে আইন হাতত তুলি ল’বলৈ সাহস কৰিছে।

তেওঁ লগতে অসম প্ৰদেশ কংগ্রেছৰ তৰফৰ পৰা চৰকাৰলৈ দাবী জনাইছে যাতে দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিবলৈ কুণ্ঠাবোধ নকৰে।

ইফালে প্ৰদেশ কংগ্রেছৰ সভাপতি শ্ৰী ভূপেন কুমাৰ বৰাৰ আহ্বানমৰ্মে প্ৰদেশ কংগ্রেছৰ তৰফৰ পৰা গোলাঘাট জিলা কংগ্ৰেছৰ এটি সজাতি দলে ছাত্ৰনেতা অনিমেশ ভূঞাৰ বাসগৃহত উপস্থিত হৈ শোকসন্তাপত থকা পৰিয়ালৰ সদস্যলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি শ্ৰী দাদু টায়েৰ নেতৃত্বত জিলা কংগ্ৰেছৰ এটা সঁজাতি দলে দুৰ্ভগীয়া পৰিয়ালটিৰ কাষত উপস্থিত হৈ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ।

লগতে ২০ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ লগতে পৰিয়ালৰ এজনক চৰকাৰে সংস্থাপন দিবলৈ দাবী জনায় । প্ৰদেশ কংগ্ৰেছৰ সদস্য শ্ৰী বিতোপন শইকীয়া , জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক শ্ৰী জেনিথ বৰা , অজিত বৰা , ৰঞ্জিত বৰা , চৈয়দ মহিবুল হক , দ্বীপেন বৰুৱা , জিলা যুৱ কংগ্ৰেছৰ সভাপতি দেৱব্রত ফুকন , কঠালগুৰি ব্লক কংগ্ৰেছৰ সভাপতি প্ৰাঞ্জল ৰাজখোৱা , নৰ্থ দেৰগাঁও ব্লক কংগ্ৰেছৰ সভাপতি লাচিত বৰুৱা , দেৰগাঁও সমষ্টি সামাজিক মাধ্যমৰ সমন্বয়ক জয়কৃষ্ণ বৰুৱা সহ , সঁজাতি দলটিয়ে ঘটনাটোত আহত হৈ চিকিৎসাধীনহৈ থকা মৃদুষ্মন্ত বৰুৱা আৰু প্ৰণয় দত্তৰ বাসগৃহত উপস্থিত হৈ অৱস্থাৰ বুজ লয় আৰু চৰকাৰক উপযুক্ত চিকিৎসা গ্ৰহণৰ দাবী জনায় ।

Exit mobile version