শালবাৰীত যোগান, জলসম্পদৰ কাৰ্যবাহী সদস্য উকীল মুছাহাৰীৰ সতৰ্কবাণী

7534da73 9bcb 4fff b017 029a0eb5952e

আজি বাগসাৰ শালবাৰীত খাদ্য অসামৰিক যোগান বিভাগৰ সহকাৰী সঞ্চালকৰ কাৰ্যালয় আৰু উত্তৰ বিজনী সমবায় সমিতি পৰিদৰ্শন কৰে বিটিচিৰ কাৰ্যবাহী সদস্য মুছাহাৰীয়ে।পৰিদৰ্শনৰ সময়ত সাংবাদিকে হোৱা সাক্ষাৎকাৰত তেওঁ কয় যে দুখীয়া ৰাইজে খাদ্য অসামৰিক যোগান বিভাগৰ পৰা উপকৃত হোৱাৰ উদ্দেশ্যে বিটিচিৰ প্ৰতিখন জিলা আৰু মহকুমাতে যোগান বিভাগৰ সচিৱ,চৰকাৰী সূলভ মূল্যৰ দোকানী তথা সমবায় এজেণ্ট,বিষয়া সকলক লৈ সজাগতা সভা অনুস্থিত কৰা হ’ব।

কাৰ্যবাহী সদস্য উকীল মুছাহাৰীয়ে শালবাৰী মহকুমা সদৰত এটা বৃহৎ বজাৰ গৃহ আৰু উত্তৰ বিজনী সমবায় সমিতি লিমিটেড প্ৰাংগণত এটা বৃহৎ ভড়াল গৃহ নতুনকৈ নিৰ্মাণ কৰা হ’ব বুলিও ঘোষণা কৰে।

দীৰ্ঘ সময় ধৰি শালবাৰীস্থিত খাদ্য অসামৰিক যোগান বিভাগৰ সহকাৰী সঞ্চালকৰ কাৰ্যালয় আৰু উত্তৰ বিজনী সমবায় সমিতি লিমিটেড পৰিদৰ্শন কৰি কাৰ্যবাহী সদস্য উকীল মুছাহাৰীয়ে বিষয়া-কৰ্মচাৰী সকলক সঠিকভাৱে কৰ্তব্য সম্পাদন কৰিবলৈ গাঁৱে গাঁৱে পৰিদৰ্শন কৰি হিতাধিকাৰী সকলৰ প্ৰাপ্যৰ বুজ ল’বলৈও নিৰ্দেশ দিয়ে।

আনহাতে বিটিচিত এতিয়াও ৰেচন কাৰ্ডবিহীন দৰিদ্ৰ ৰাইজক শীঘ্ৰেই ৰেচন কাৰ্ড প্ৰদান কৰিব বুলিও সংবাদ মাধ্যমৰ আগত ঘোষণা কৰে কাৰ্যবাহী সদস্য উকীল মুছাহাৰীয়ে।

শালবাৰীৰ খাদ্য অসামৰিক যোগান বিভাগৰ সহকাৰী সঞ্চালক তপন কুমাৰ চৌধুৰীক ভাড়াত থকা বিভাগীয় কাৰ্যালয়টো স্থায়ীভাৱে নিৰ্মাণৰ বাবে চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণৰো নিৰ্দেশ দিয়ে ৷

বিটিচিৰ জলসম্পদ বিভাগৰো দায়িত্বত থকা কাৰ্যবাহী সদস্য উকীল মুছাহাৰীয়ে আজি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিত বেঁকী নদীৰ গৰাখহনীয়াও পৰিদৰ্শন কৰে।

আনহাতে কাৰ্যবাহী সদস্য উকীল মুছাহাৰীয়ে শালবাৰীৰ সদ্য প্ৰয়াত প্ৰখ্যাত সংগীত শিল্পী তথা অনাতাঁৰ শিল্পী ভূৱনেশ্বৰ মহিলাৰীৰ শালবাৰীস্থিত বাসগৃহত উপস্থিত হৈ মহিলাৰীৰ পৰিয়ালবৰ্গক সাক্ষাৎ কৰি পৰিয়ালৰ সদস্য সকলৰ স’তে মত বিনিময় কৰে। ভূৱনেশ্বৰ মহিলাৰীৰ অকাল বিয়োগ সংগীত তথা সাংস্কৃতিক ক্ষেত্ৰখনৰ এক বিশাল ক্ষতি বুলিও মন্তব্য কৰে মুছাহাৰীয়ে।

মহিলাৰীৰ হ’বলগীয়া আদ্যশ্ৰাদ্ধৰ বাবে মুছাহাৰীয়ে আৰ্থিক অনুদানো আগবঢ়ায়। মুছাহাৰীৰ খাদ্য অসামৰিক যোগান বিভাগৰ কাৰ্যালয়,গৰাখহনীয়া পৰিদৰ্শন আৰু প্ৰয়াত প্ৰখ্যাত সংগীত শিল্পী তথা অনাতাঁৰ শিল্পী ভূৱনেশ্বৰ মহিলাৰীৰ পৰিয়ালবৰ্গক সাক্ষাৎ কৰা কাৰ্যক্ৰমণিকাত মুছাহাৰীৰ স’তে বিটিচিৰ শালবাৰী সমষ্টিৰ টিচিএলচিচিৰ অধ্যক্ষ বিনোদ মুছাহাৰী,ইউপিপিএলৰ শালবাৰী জিলা যুৱ কোষৰ সভাপতি সত্যজিৎ বড়ো আদি উপস্থিত থাকে।

Exit mobile version