- যোৰহাটত কালি দুষ্কৃতিকাৰীৰ দ্বাৰা সংঘটিত কৰা এক অবাঞ্ছিত তথা শোকাৱহ ঘটনাত অনিমেষ ভূঞা নামৰ এজন যুৱকে মৃত্যুক সাৱটি ল’বলগীয়া হোৱা ঘটনাত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ গভীৰ শোকপ্ৰকাশ ৷
- মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে ৰাজ্য চৰকাৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ইতিমধ্যে দুৰ্ভগীয়া পৰিয়ালটোক সাক্ষাৎ কৰিছে ৷
- ফাষ্টট্ৰেক আদালতৰ জৰিয়তে দোষীসকলক শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ ৷
- এমাহৰ ভিতৰত দোষীসকলৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিলৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ৷
- বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙক এই ঘটনাৰ তদন্ত প্ৰক্ৰিয়া ব্যক্তিগতভাৱে তদাৰক কৰাৰো নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ৷
- ঘটনাত নিহত হোৱা অনিমেষ ভূঞাৰ পৰিয়ালক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অত্যন্ত বিনম্ৰতাৰে পাঁচ লাখ টকাৰ চেক প্ৰদানৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ৷
ADVERTISEMENT