Air Pollution : ৰাজধানীৰ বিদ্যালয় মুকলি, বন্ধ নির্মাণ কাৰ্য

delhischoolsreopenani 1635733465448 1635733474830

প্ৰদূষিত বায়ু । তেনে সময়তে সোমবাৰৰ পৰা বিদ্যালয় আৰম্ভ হ’ল দিল্লীত । চৰকাৰী কাৰ্যালয়ো মুকলি কৰা হৈছে । কিন্তু, নির্মাণকাৰ্যত স্থগিতাদেশ এতিয়াও জাৰি আছে বুলি আজি জনাইছে দিল্লীৰ পৰিধৱেশমন্ত্রী গোপাল ৰায়ে ।

চলিত মাহৰ আৰম্ভণিৰ পৰাই বায়ু-প্ৰদূষণ নিয়ন্ত্ৰণ হৈছে ৰাজধানী চহৰত । ইয়াৰ মূল কাৰণ সমূহ হৈছে, শস্যৰ নৰা জ্বলোৱা, কলকাৰখানা আৰু যানবাহনৰ পৰা নিৰ্গত ধোঁৱা, প্রতিকূল পৰিৱেশ আৰু নির্মাণক্ষেত্রৰ ধূলি ।

কৰ’নাৰ ফলত বন্ধ থকাৰ প্রায় ১৮ মাহ পাছত, ছেপ্টেম্বৰৰ আৰম্ভণিতে দিল্লীৰ বিভিন্ন বিদ্যালয়ৰ ক্লাছ আৰম্ভ হৈছিল । কিন্তু বায়ু প্ৰদূষণৰ বাবে নৱেম্বৰৰ মাজভাগত ‘কমিছন ফৰ এয়াৰ কোৱালিটী মেনেজমেন্ট’এ কে’বাটাও নির্দেশনা জাৰি কৰে । ফলত দিল্লী এনচিআৰ-ৰ সমস্ত শিক্ষাপ্রতিষ্ঠানে পুনৰ অনলাইন ক্লাছ আৰম্ভ কৰিবলগীয়া হয় ।

সোমবাৰৰ পৰা সকলো শ্রেণীৰ ক্লাএ পুনৰ আৰম্ভ হৈছে । ‘ছিষ্টেম অৱ এয়াৰ কোৱালিটী এণ্ড ৱেদাৰ ফ’ৰকাষ্টিং ৰিছার্চ’-ৰ তথ্য অনুযায়ী, আজি পুৱা দিল্লীৰ বায়ু মান সূচক আছিল ৩৭০ । যি ‘অতি বেয়া’ বুলি ধৰা হয় । শীত আৰু বতাহৰ ধীৰ গতিৰ বাবে পৰিস্থিতিৰ বিশেষ উন্নতি হোৱা নাই । বতৰ বিজ্ঞান বিভাগে জনাইছে, তীব্ৰ বতাহ আৰু বৃষ্টিৰ সম্ভাৱনা আছে ডিচেম্বৰৰ আৰম্ভণিতে । মাহটোৰ পাঁচ-ছয় তাৰিখৰ পৰা অৱস্থাৰ উন্নতি হ’ব পাৰে ।

পৰৱর্তী নির্দেশনা জাৰি নোহোৱা পর্যন্ত নির্মাণক্ষেত্রত ভঙা-গঢ়া বন্ধ থাকিব বুলি আজি জনোৱা হৈছে । অৱশ্যে প্ৰদূষণ নোহোৱা কাম, যেনে দমকল খনন, ইণ্টেৰিয়ৰ ডিজাইনিং, ইলেকট্রিক বা কাঠৰ কাম কৰিব পাৰিব । সমস্যাগ্রস্ত শ্রমিকসকলৰ পাৰিশ্ৰমিকৰ বিষয়ত লক্ষ্য ৰখাৰ আশ্বাস দিছে চৰকাৰে ।

জৰুৰীকালীন সেৱাৰ বাহিৰে ট্রাক প্ৰৱেশৰ বিষয়টো নিষেধাজ্ঞা জাৰি কৰা হৈছে সাত ডিচেম্বৰ পর্যন্ত । অৱশ্যে চিএনজি আৰু ইলেকট্রিক ট্রাক দিল্লীত প্ৰৱেশ কৰিব পাৰিব বুলি আজি বিভিন্ন দপ্তৰৰ স’তে পর্যালোচনা বৈঠকৰ পাছত জনোৱা হৈছে ।

ছিগনেল বন্ধ থকাৰ সময়ত গাড়ীৰ ইঞ্জিন বন্ধ ৰাখিবলৈ বিশেষ কার্যসূচী লৈছে চৰকাৰে । যানবাহনৰ পৰা প্ৰদূষণ কমাবলৈ এই আইন ১৮ ডিচেম্বৰ পর্যন্ত অব্যাহত থাকিব বুলি আজি জনাইছে দিল্লীৰ পৰিৱেশমন্ত্রী গোপাল ৰায়ে । চহৰৰ ১৪টা অঞ্চলৰ চৰকাৰী আবাসনৰ পৰা কর্মচাৰীসকলৰ কাৰ্যালয়লৈকে বিশেষ বাছ সেৱা আৰম্ভ হৈছে ।

Exit mobile version