কৰ’না ভাইৰাছৰ নতুন ৰূপক লৈ এতিয়াও কোনো উদ্বেগৰ কাৰণ আছে নেকি ? বিশেষকৈ যদি কোনোৰ টিকাকৰণ সম্পূর্ণ হৈছে । বিশেষজ্ঞসকলৰ একাংশই জনাইছে, অ’মিক্রনক লৈ কোনো নির্দিষ্ট সিদ্ধান্ত গ্ৰহণৰ বাবে যথেষ্ট তথ্য এতিয়াও নাই । কিন্তু ইয়ৰ মাজতেই প্ৰকাশ্যত আহিছে দক্ষিণ আফ্রিকাৰ সেই চিকিৎসকৰ মন্তব্য, যিয়ে সর্বপ্রথমে কৰ’নাৰ অ’মিক্রন ৰূপক লৈ সতর্ক কৰিছিল । নিজৰ অভিজ্ঞতা বর্ণনা কৰি চিকিৎসক এঞ্জেলিক কোয়েটজে কয়, ‘‘বিগত ১০ দিনত অন্তত ৩০ জন ৰোগী দেখিছো যিয়ে অ’মিক্রন ৰূপত সংক্রমিত । তেওঁলোকে কোনেও হাস্পাতালত ভর্তি হ’বলগীয়া হোৱা নাই । সামগ্রিক মৃদু উপসর্গ লক্ষ্য কৰিলেও সেয়া উদ্বেগজনক নহয় ।’’
একেই মত পোষণ কৰে দেশ-বিদেশৰ বিভিন্ন বিশেষজ্ঞেসকলেও । তেওঁলোকৰে একাংশৰ মত, দুটা টিকা লোৱা থাকিলে বহুখিনি সুৰক্ষিত বুলি প্ৰাথমিকভাৱে ক’ব পাৰি । কিন্তু যিসকলে দুটা টিকা লোৱা নাই ?
বিশেষজ্ঞসকলে কয়, কৰ’নাৰ ক্ষেত্রত অধিকাংশ টিকাই লক্ষ্য কৰে ভাইৰাছৰ স্পাইক প্র’টিন অংশক । এই স্পাইক প্র’টিন অংশই মানৱ কোষত প্রৱেশ কৰে । টিকাই মানৱ শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতাক কৰ’না ভাইৰাছৰ স্পাইক প্র’টিনক চিহ্নিত কৰিবলৈ শিকায় আৰু ভাইৰাছে যেতিয়া শৰীৰত প্রৱেশ কৰে তেতিয়া তাক আক্রমণ কৰে । অ’মিক্রনৰ ক্ষেত্রত দেখা গৈছে, ইয়াৰ স্পাইক প্র’টিনৰ ইতিমধ্যে অন্তত ৩০টা মিউটেছন ঘটিছে ।
যিমানে মিউটেছনৰ পৰিমাণ বৃদ্ধি পাব সিমানেই শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতাক প্ৰতিহত কৰাৰ ক্ষমতা বৃদ্ধি পাব ভাইৰাছৰ । এই ক্ষেত্রত উপায় হ’ল প্ৰতিষেধক গ্ৰহণ কৰা । কাৰণ মিউটেছনৰ পৰিমাণ বৃদ্ধি হোৱাৰ বাবে অ’মিক্রন অপেক্ষাকৃত অধিক সংক্রামক । সেয়ে যথা সম্ভৱ দ্রুত দুটা টিকা লোৱাৰ পৰিমর্শ দিছে বিশ্ব স্বাস্থ্য সংস্থা (হু)ৱে ।
বিশেষজ্ঞসকলে তথ্য দি কয়, দুটা টিকা লোৱা লোকে যদি কৰ’নাৰ ডেল্টা ৰূপত সংক্রমিত হয়, তেনেহ’লে তেওঁৰ মৃত্যুৰ শংকা ন ভাগৰ এভাগ হয় । দুটা টিকা লোৱা লোকৰ তুলনাত টিকা নোলোৱা লোকৰ সংক্রমিত হোৱাৰ শংকা তিনি গুণ বেছি ।
ডেল্টা ৰূপত সংক্রমিত আৰু দুটা টিকা লোৱা লোকৰ শাৰীৰিক সুৰক্ষা ব্যৱস্থা অন্যসকলতকৈ বহু শক্তিশালী । এই সন্দৰ্ভত ইংলেণ্ডৰ ব্রিষ্টল ইউনিভার্চিটিৰ ভাইৰ’লজিৰ অধ্যাপক ডেভিড মেথেউজে সেই দেশৰ এটা সংবাদপত্রক কয়, ‘‘যদি দুটা টিকা লোৱা থাকে আৰু ডেল্টা ৰূপত সংক্রমিত হৈ সুস্থ হৈছে, তেনেহ’লে আপুনি বৃহত্তৰ আৰু অত্যন্ত কার্যকৰী ৰোগ প্রতিৰোধ ক্ষমতাৰ অধিকাৰী । যিয়ে আপোনাক ভাইৰাছৰ যিকোনো ৰূপৰ পৰা সুৰক্ষা দিব পাৰে ।’’ ইয়াৰ কাৰণ হিচাপে ডেভিডে কয়, চীনৰ উহানৰ পৰা যি কৰ’না ভাইছ বিয়পি পৰে সেই মূল ভাইৰাছটোৰ বিৰুদ্ধে সুৰক্ষা দিবলৈয়ে টিকা আৱিষ্কাৰ কৰা হৈছে । যিয়ে সময়ৰ লগে লগে স্বাভাৱিক ৰোগ প্রতিৰোধ ক্ষমতাকে অধিক শক্তিশালী কৰিছে ।
স্মতৰ্ব্য যে, এই পৰ্যন্ত অ’মিক্রন সন্দৰ্ভত কোনো সিদ্ধান্ত গ্ৰহণৰ বাবে যথেষ্ট তথ্য নাই বিজ্ঞানীসকলৰ লগত । গৱেষণা অব্যাহত আছে । ফলত অযথা আতংকিত হোৱাৰ কাৰণ নাই । কিন্তু সচেতনতা প্ৰয়োজনীয় ।