Twitter : টুইটাৰৰ নতুন চিইঅ’ ব’ম্বে আইআইটি-ৰ প্রাক্তন পৰাগ আগৰৱাল

Parag Agarwal Net Worth

যাৱতীয় জল্পনাৰ অবসান ! টুইটাৰৰ শীর্ষ পদৰ পৰা পদত্যাগ দিলে জেক ডৰছিয়ে । তেওঁৰ স্থানত এই মাইক্র’ব্লগিং ছাইটৰ চিফ এগ্‌জিকিউটিভ অফিচাৰ (চিইঅ’)-ৰ দায়িত্বত নিযুক্তি দিয়া হৈছে পৰাগ আগৰৱালক ।

সোমবাৰে পদত্যাগৰ কথা ঘোষণা কৰি টুইটাৰৰ কর্মীচাৰীসকলক উদ্দেশ্যি ডৰছিয়ে লিখে, ‘নাজানো কোনোবাই জানে নে নাই, ম‌ই টুইটাৰৰ পৰা পদত্যাগ দিছো । প্রায় ১৬ বছৰ ধৰি আমাৰ সংস্থাৰ সহ-প্রতিষ্ঠাতাৰ পৰা চিইঅ’, কেতিয়াবা চেয়াৰমেনৰ পৰা এগ্‌জিকিউটিভ চেয়াৰমেন, কেতিয়াবা আকৌ ইন্টেৰিম চিইঅ’… । অৱশেষত সিদ্ধান্ত ল’লো যে ম‌ই আঁতৰি যোৱাৰ সময় আহিছে ।’

৪৫ বছৰীয়া ডৰছিৰ পদত্যাগক লৈ বহু সময়ৰ পৰা জল্পনা চলি আছিল ছিলিকন ভেলীত । অৱশেষত সেই জল্পনাক সত্য প্ৰমাণ কৰিলে ডৰছিয়ে । বৰ্তমান টুইটাৰৰ চিফ টেকন’লজি অফিচাৰ (চিটিঅ’) পৰাগক নিযুক্ত কৰা হৈছে । নতুন পদৰ দায়িত্ব লাভ কৰি ডৰছিক কৃতজ্ঞতা জনালে আইআইটি-ব’ম্বেৰ এই প্রাক্তনে ।

টুইটাৰৰ দায়িত্ব লোৱাৰ পাছত ভাৰতীয় বংশোদ্ভূত পৰাগক বহুতেই গুগলৰ কর্মচাৰী সুন্দৰ পিচাই বা মাইক্র’ছফ্টৰ চিইঅ’ সত্য নাদেল্লাৰ দৰে ব্যক্তিত্বৰ স’তে তুলনা কৰিছে । ২০১১ত টুইটাৰত কাম আৰম্ভ কৰিছিল ষ্টেনফোর্ড বিশ্ববিদ্যালয়ৰ এই পিএইচডি ডিগ্রিধাৰীজনে । তাৰ পাছৰ পৰাই পৰাগৰ উত্থান হয় । ২০১৭-ত চিটিঅ’ হোৱাৰ কিছু বছৰৰ ভিতৰতে সংস্থাৰ শীর্ষত উঠে পৰাগ !

Exit mobile version