আৰক্ষীয়ে জুৱাৰীক ফোন কৰি কয় আমি আহি আছো : মনোৰঞ্জন তালুকদাৰ

WhatsApp Image 2021 12 01 at 5.57.05 PM 1

আৰক্ষীয়ে ঠায়ে ঠায়ে জুৱাৰীক আগতীয়াকৈ ফোন কৰি কয় আমি আহি আছো ৷ আজি বৰপেটা আৰু বাগসা জিলাৰ সীমামূৰীয়া গোৱৰ্ধনা উন্নয়ন খণ্ডৰ অন্তৰ্গত বগুৰিগুৰী গাঁও পঞ্চায়তৰ বগুৰিগুৰী পাথাৰত চতুৰ্থদশ বিত্তীয় আয়োগৰ অধীনত তিনি লক্ষাধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এটি কেনেলৰ আধাৰ শিলাৰ শিলান্যাস অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য কৰে সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে ৷

শিলান্যাস কৰি বিধায়কগৰাকীয়ে কয় যে আৰক্ষী আৰু জুৱাৰীৰ মাজত ঘনিষ্ঠতা থকাৰ বাবেই জুৱা পতাৰ দৰে কৰ্ম কৰিবলৈ জুৱাৰীয়ে সাহস গোটাব পাৰিছে ৷ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বিধায়কগৰাকীয়ে বিগত ১০ বছৰে সংখ্যালঘু এলেকাত বিজেপি বিধায়কগৰাকীয়ে কোনো উন্নয়নেই নকৰিলে বুলি আক্ষেপ প্ৰকাশ কৰে ।

তেওঁ সৰভোগ আৰু খাৰিজা বিজনী সংযোগী নলঝৰা নদীৰ ওপৰত ২৮ কোটি টকা ব্যয় সাপেক্ষে এটি দলং নিৰ্মাণ হোৱাৰ সপোন প্ৰায় বাস্তৱত পৰিণত হোৱাৰ কথা উল্লেখ কৰি কয় যে, এই ক্ষেত্ৰত মন্ত্ৰী ৰনজিত কুমাৰ দাসে মাজে মাজে বিধি পথালি দি আহিছে ৷

আজিৰ উক্ত অনুষ্ঠানত প্ৰাক্তন জিলা পৰিষদ সদস্য কমলা বৰ্মন, পঞ্চায়ত সভাপতি ফাৰুক আব্দুলা আহমেদ প্ৰমুখ্যে ব্যক্তিসকল উপস্থিত থাকে ।

Exit mobile version